sdblogs2011

sdblogs2011

ডাঠি তান চৰণে পৰিয়ো

অলকা মহন্ত বৰুৱা ভৈয়াই শুন আমাৰ কওঁ  ছাগলীৰ ছালৰ ভাতীত আউটি আউটি জুই জ্বলাওঁ আঢ়ৈসেৰীয়া হাতুৰীৰে হাফৰৰ জুইত দেহা পুৰি কাঁহ কোবাওঁ নিয়াৰিত থৈ আমি গঢ়ি পিটি উলিয়াওঁ কাঁহী-বাটি হাফৰত ৰঙাৈক জ্বলা শালখৰিৰ লগতে ক’লা হয় আমাৰ হাত গাৰ তেজ ঘাম…

চাৰি প্ৰহৰৰ মালিতা

প্ৰশান্ত মিশ্ৰ  বেলি চোৱা বেলিকা  চকুপতাত নিয়ৰৰ কণাবোৰ গোট মাৰিছিল  জাৰ লাগিছিল চকুত  লানিকৈ ৰোৱা সেউজীয়াৰ মাজত  শিৰীষৰ পাত সৰকি নামি আহিছিল বেলিটো  আৰু চকুপতাৰ বৰফত  বিচ্ছুৰিত পোহৰৰ প্ৰতিফলন  হাওঁফাওঁৰ ভিতৰলৈ দীঘল উশাহত  হাতৰ মুদ্ৰাত বুদ্ধ শোক নাই   আনন্দৰ আকুতিও…

দাগ অচ্ছে হ্যেঁ

 পদ্মজা বৰুৱা মহন :  কাপোৰকেইটা চাফাকৈ ধুব নজানে এইচৱে৷ গোটেই দাগসোপা দাগভাগেই থাকিল৷ কাপোৰখিনি চপাই নিওঁতে ভোৰভোৰাই বৌৱেকে তাইক শুনাই শুনাই বকিলে৷ এটা দীঘল হুমুনিয়াহ সৰি পৰিল লখিমীৰ ওঁঠেদি৷  বে’ডকভাৰখনত কিহৰ জানো দাগ লাগিল, ধোওঁতে তাই খুউব চেষ্টা কৰিছিল ঘঁহি ঘঁহি গুচাবলৈ৷ কিন্তু সম্পূৰ্ণকৈ…

বছা বকুল

ৰমানন্দন বৰা তিনি বছা মোৰ নিজৰ গাঁও৷ ওপজা গাঁও৷ পলসুৱা মাটি বিচাৰি থাওকাল এদল মানুহে লুইতৰ দাঁতিৰ জাৰণি, হাবি ভাঙি পাতি লোৱা গাঁওখন আজিৰ পৰা ডেৰশ বছৰ পুৰণি৷ সময়ৰ হিচাপটো বৰ দৰকাৰী নহয়৷ কাৰণ গাঁওখনক সময়ৰ সোঁতে বৰকৈ সলনি কৰিব…

গান্ধী-ফাগ্লা

নীলোৎপল বৰুৱা জীঊতৰ পাপ লাগিছিল। ডাঠ পাপ। আঠালেতীয়া পাপ। পাপৰ মৰা তেজৰ বৰণ পুখুৰী এটাত সি আকণ্ঠ বুৰ গৈছিল। প্ৰায় এসেৰ ওজনৰ এছটা গোটা লোহাৰে বনোৱা নাল নথকা বেঁকা দাখনৰে জীয়া ছাগলী এটা ঘাপ মাৰি দিয়াৰ পাপ। মঙহৰ সজ্জাটো ঢিপঢিপাই…

নিলয়

 আকাশ দীপ্ত ঠাকুৰ সামান্য জালুকৰ গুৰি দি বাকি অনা ৰঙা চাহকাপ আৰু অকণমানি বিস্কুটৰ পেকেটটো কাষৰ সৰু মেজখনতে থৈ মই মালাৰ ফালে এবাৰ চালোঁ৷ মনতে ভাবিলোঁ, চাহকাপ খোৱাৰ আগতে এইমাত্ৰ বাহিৰত দেখি অহা সেই আচহুৱা ঘটনাটোৰ বিষয়ে তেওঁক কোৱা যাওক৷ …শীৰ্ণকায়…

কুকুহা

স্মৃতিৰেখা দেৱী   ‘ইয়াৰ পাছত? মানে সংকলনৰ কথা ভবা নাই?’- চালাডৰ কাৰণে থোৱা বিলাহী এটা লিৰিকি–বিদাৰি বেদে প্ৰশ্নটো সুধিছিল শাশ্বতীক; চেল্ফ্খনত গা–টো ভেঁজা দি, ভৰি দুটা কেৰেচীয়াকৈ লৈ। ‘না…ই ! সেইবোৰ ভবাই নাই। এৰি দিয়াৰ নিচিনাই হৈছে আজিকালি এইবোৰ…।’- শাশ্বতীৰ কথাষাৰত যেন…

গল্পলেখক আৰু অশ্লীলতা

মূল : চাদাত হাছান মাণ্টো অসমীয়া অনুবাদ : কাৰিকা সুমন   (কেৱল উৰ্দু সাহিত্যতে নহয়, বিশ্ব সাহিত্যত চাদাত হাছান মাণ্টো এক পৰিচিত নাম৷ সমাজৰ মিছা আৱৰণ আঁতৰাই নতুন সমাজ গঢ়িব বিচৰা এইজন কথাশিল্পীৰ বহুকেইটা গল্প বিভিন্নজনে অসমীয়ালৈ অনুবাদ কৰিছে যদিও তেওঁৰ প্ৰবন্ধৰ…

নাইন্‌টি ছিক্স

নৱজিৎ চেলেং   ষাঠিলৈ মাজত তিনিটা বছৰ বাকী ফুলমাৰ। বাইছ, তেইছ, চৌবিছ। হয়, পুৰাপুৰি তিনি বছৰ। ফুলমাই হাতৰ আঙুলিত লিখি চালে- “দুহেজাৰ বাইছ, দুহেজাৰ তেইছ, দুহেজাৰ চৌবিছ।” দুহেজাৰ চৌবিছত ফুলমায়ে অৱসৰ পাব। চৰকাৰী অৱসৰ। -“যোৱা ফেব্ৰুৱাৰিত জইন কৰিছিলোঁহে। যাবৰে হ’ব…

মাধৱী

(সম্পূৰ্ণ উপন্যাস)অৰ্পিতা বৰঠাকুৰ মিশ্ৰ খণ্ড- ১       বহুবৰ্ণ সুবাসিত পুষ্পগুচ্ছৰে সজ্জিত কৰি তোলা হৈছে ৰাজপ্ৰাসাদ৷ প্ৰাসাদৰ প্ৰতিটো কোণ, প্ৰত্যেক কক্ষ যেন নৱনিৰ্মিত সৌন্দৰ্যৰ ভৰত উপচি পৰিছে৷ স্বৰ্ণবৰ্ণা, সমুজ্জ্বল সুকোমল  বস্ত্ৰৰে আচ্চাদিত হৈছে প্ৰত্যেক প্ৰৱেশদ্বাৰ, প্ৰত্যেক খিৰিকি৷ পদূলিৰ সিংহদ্বাৰৰ পৰা  চৌদিশে ৰঙৰ পোহাৰ মেলি সুশোভিত  ৰাজঅন্তেষপুৰী৷…