sdblogs2011

sdblogs2011

অ-ফলাৰ পদ্য

গীতাঞ্জলি বৰকটকী  ভাগৱতী অ-ই ক’লে অসমৰ অকণ-অকণি আমিআ-ই বোলে ফাকুৱাত আবিৰ লওঁ সানি।ই-এ সোধে ইকৰাৰে ভেলাঘৰ সাজে নে নাসাজেঈ-এ বোলে ঈশ্বৰে লুকাভাকু খেলে নে নেখেলে?উ-এ সোধে উটত উঠি মৰুভূমি চাবা নে নোচোৱাঊ-এ ক’লে ঊষা-অনিৰুদ্ধৰ কাহিনীটো কোৱা।ঋ-এ বোলে ঋষি থাকে আশ্ৰমত…

বানানৰ পদ্য

(কিশোৰৰ কবিতা) সংকল্পজিৎ শইকীয়া       (১) অকণ ভায়েক মদনৰপঢ়াত বৰ চোকা,সি প্ৰায়েই খায় ব্ৰাহ্মী,লাই, লফা, পালেং, চুকা।        (২) অকণে এটা সপোন দেখিলেবিছনাত পৰি পৰি,সপোনত দেখিলে সিএজনী ধুনীয়া পৰী।        (৩) ককায়েকে ৰাখীক পঢ়াইছিলমহানগৰত ৰাখি,ৰাখী…

লতা আৰু ককা

স্বপ্নালী কলিতা এদিন পুৱা ককাৰ পিঠিত লতা  উঠি ল’লে ককাক বোলে, ব’লা ককা এৰাবাৰীৰ ফালে৷   ককাই বোলে হেৰৌ লতা! ক’লৈ যাৱ তই? এৰাবাৰীৰ আমৰ তলত  ভূতৰ আপোন ঘৰ৷   ককা, ককা কিনো কোৱা! সকলো যে‍ মিছা, যোৱাৰ ভয়ত কিয়…

জ্যামিতি‍

দৰ্পনা শইকীয়া যোগ আৰু বিয়োগৰ পৃথিৱীত নৈৰাশ্যৰ জুই একুৰা সন্মুখত লৈ বহি আছোঁ মই।  মই এটি সাধুকথা। উপমান নে উপমেয় নে ভ্ৰান্তিমান? ওঁহো… এটাও নহয় মই। মই জীৱনৰ কথকতা। প্ৰত্যেকৰে অৱচেতন মনৰ কুঠৰীত মই থাকোঁ। কোনো পথভ্ৰষ্ট পথিকে জীৱনৰ সূৰ্যাস্ত বেলিকা মোক বিচাৰি চলাথ…

সম্পাদকীয়

অসমীয়া শব্দৰ উচ্চাৰণ সম্পৰ্কে জগতৰ প্ৰতিটো ভাষাৰে শব্দাৱলীৰ উচ্চাৰণৰ কিছুমান পৰম্পৰাগত ৰীতি আছে। পৰম্পৰাগতভাৱে চলি অহা এনে ৰীতিবোৰকে সময়ত পদ্ধতিগত অধ্যয়নকাৰীয়ে লিপিৱদ্ধ কৰে আৰু তাৰ পাছৰপৰাই তেনে লিপিবদ্ধ নথিৰ আধাৰতে ভাষা একোটাৰ শব্দাৱলীৰ ব্যৱহাৰ চলি থাকে। পিছে এনেকৈ লিপিৱদ্ধ বা নথিভুক্ত হোৱা প্ৰতিটো…

পঢ়ুৱৈৰ মতামত

আলোচনীখন উচ্চ মানৰ হৈছে৷ আশা কৰোঁ পঢ়ুৱৈ‍ হিচাপে  ধন্য হ´ম৷ ধৰণী নেওগ dharanineog61@gmail.com প্ৰশংসনীয় পদক্ষেপ৷ নিশ্চয় ৰাইজৰ মাজত সঁহাৰি পাব৷ বিশিষ্ট বুদ্ধিজীৱী তথা সাহিত্যিক হোমেন বৰগোহাঞি‍ ছাৰৰ লগতে আন কেইবাজনো বিশিষ্ট সাহিত্যিক থকাৰ বাবে ৰাইজৰ মাজত সমাদৰ লাভ কৰিব৷ ৰাজীৱ শৰ্মা rajibsharma14@gmail.com আলোচনীকেন্দ্ৰিক অসমীয়া সাহিত্যৰ ইতিহাসত ‘অন্যযুগ’ এক ব্যতিক্ৰমী সংযোজন৷ কেইবাখনো অনলাইন আলোচনীয়ে অসমীয়া সাহিত্যৰ সৃষ্টি, বিচৰা…

কবীন ফুকনৰ সৈতে প্ৰদীপ আচাৰ্য্যৰ কিছু অন্তৰংগ আলাপ

কবি আৰু সমালোচক হিচাপে এক স্বকীয় পৰিচয়ৰ অধিকাৰী আছিল অধ্যাপক কবীন ফুকন। ইফালে সমালোচক আৰু অনুবাদক হিচাপে বিশেষভাৱে পৰিচিত এজন তীক্ষ্নধী ব্যক্তি অধ্যাপক প্ৰদীপ আচাৰ্য্য৷ কবীন ফুকনৰ ‘এনেকৈয়ে দিন এনেকৈয়ে ৰাতি’, ‘কোনে কয় নুপুৱায় আউসীৰ ৰাতি’, ‘এই অনুৰাগী এই উদাস’…

গ্ৰন্থাগাৰ বিপ্লৱৰ পটভূমিত ‘সমন্বয় পুথিভঁৰাল’-ৰ জন্মকাহিনী

আবেদুৰ ৰহমান (যোৱা সংখ্যাৰ পিছৰ পৰা)  সংগীতৰ সম্পৰ্কত মোৰ ধ্যান-ধাৰণা একেবাৰে কেচেলুৱা৷ মোৰ দৰে আমাৰ প্ৰজন্মৰ প্ৰায়েই সংগীত বুলিলে জ্যোতি, বিষ্ণু, ভূপেন হাজৰিকাৰ গীত আৰু খগেন মহন্তৰ বিহুগীতকে বুজিছিলোঁ৷ লগতে আধ্যাত্মিক ভাবৰ সঞ্চাৰ কৰা বৰগীত আৰু ‘জীৱনৰ একো নাই’ দৰ্শনেৰে পৰিৱেশিত লোকগীতবোৰ আমাৰ চিনাকি আছিল৷ পাছলৈ জিতুল…

বাট

পঙ্কজ প্রতিম বৰদলৈ   (১)      পুৰুষোত্তমে‍ খিৰি‍কীৰে‍ বাহিৰলৈ চালে। ব্যস্ত চহৰখনৰ ব্যস্ত ৰাজপথটো বহু দূৰলৈকে‍ দেখা যায়। দিনত এই ৰাজপথটো অতি ব্যস্ত হৈ থাকে। তাতে ওচৰতে য়ুনিভাৰ্ছি‍‍টিখন থকা বাবে সকলো সময়তে প্রাণচঞ্চল হৈ থাকে ঠাইখিনি। এতিয়া নিমাওমাও৷ মাজৰাতি চহৰখন শুইছে, লগতে বাটটোও। খিৰিকীৰে‍ দেখা ষ্ট্ৰীটলাইট দুটাৰ পোহৰ আহঁতজোপাত পৰিছে। আহঁতজোপা নির্বিকাৰ।…

মাদলি

পৰিস্মিতা বৰদলৈ জেঠৰ ৰ’দে খাওঁ খাওঁ মূৰ্তি ধৰি যেন সত্যৱতীক এফালৰ পৰা গিলিহে থ’ব। গোটেই মানুহজনী পকা থেকেৰাটোৰ দৰে হৈ পৰিছে। কপালত লৈ থকা সেন্দূৰৰ ফোঁটটো ঘামে ধুৱাই নাকৰ সোঁমাজেৰে বোৱাই দিছে এটি খীণকায় ৰঙা সুঁতি। পিঠিটো ঘামে জিপ্‌জিপীয়া কৰি তোলাত পিন্ধি থকা…