চিৰচেনেহী মোৰ ভাষা জননী
পৰিস্মিতা বৰদলৈ : ককা, আজি মোক তুমি ব্যাকৰণৰ বিষয়ে বুজোৱাৰ কথা আছিল যে! কেতিয়াকৈ বুজাবা? : অ’ বাবামণি, মোৰ মনত আছে কথাটো৷ তুমি আকৌ ছবি আঁকিবলৈ গ’লা বুলিহে মই তোমাক মাত দিয়া নাই৷ : আজি আৰ্টৰ স্কুল বন্ধ ককা৷…
পৰিস্মিতা বৰদলৈ : ককা, আজি মোক তুমি ব্যাকৰণৰ বিষয়ে বুজোৱাৰ কথা আছিল যে! কেতিয়াকৈ বুজাবা? : অ’ বাবামণি, মোৰ মনত আছে কথাটো৷ তুমি আকৌ ছবি আঁকিবলৈ গ’লা বুলিহে মই তোমাক মাত দিয়া নাই৷ : আজি আৰ্টৰ স্কুল বন্ধ ককা৷…
গোৱিন কুমাৰ খাউণ্ড অসুস্থ হিমানীৰ কাষত মিলিটেৰী মন মাৰি বহি আছে। অসহায় দুচকুৰে টপটপকৈ চকুলো ওলাই আছে মিলিটেৰীৰ। হৃদয়ভৰা সুৰ এটাই আপাদমস্তক জোকাৰি আছে মানুহটোক। যোৱা সপ্তাহত ঘটি যোৱা ঘটনাটোৱেও নীলৰ মৃত্যু শোক পাতলাব পৰা নাই। বহিৰাগতক খেদাৰ বাবেই অসম…
মুনমী দত্ত হাজৰিকা এদিন শীতৰ সন্ধ্যা জুহালৰ কাষত খীতুকাই বহি থাকে৷ ভাগৰে হেঁচি ধৰা শৰীৰটোতো ওঁঠৰ জোৰ নকমে৷ নাতিল’ৰাৰ সৈতে কথাৰ থুনপাক ভৰে৷ নাতিল’ৰাই খীতুকাইৰ ডিঙিতে ওলমি সোধে- : “ঠেঙো নাই পাখিও নাই আকাশলৈ উৰি যায়?” খীতুকায়ে সোলামুখেৰে হাঁহি…
(অৰ্থৱ বেদৰ দুটা মন্ত্ৰৰে এটা কবিতা…) গায়ত্ৰী দেৱী বৰঠাকুৰ (এক) অ’ প্ৰিয়া তোমাৰ-মোৰ এই যে চকুকেইটা সেইকেইটাই কলহৰ কাণে বৰষক মৌ চাৰিচকুৰ কোণত ওলমি থাকক কজলা কাজল তোমাৰ আটকীয়া হিয়াখনত মেৰ খাই থাকিম…
উমানন্দ কলিতা চহৰৰ জোন নিয়নৰ জোন ইয়াত তুলসী নাথাকে সোণ মোক চোৱা মোক চোৱা ৰঙা নীলা হালধীয়া হালধীয়া বগা সেউজীয়া সুমথিৰা সুমথিৰা বৰ্ণসংকৰ বিৱস্ত্র বিচ্ছিন্ন মোক কিনা মোক কিনা জোনজনী এতিয়া বাঈ অনলাইনত উজাগৰী পায়…
পৰাগজ্যোতি মহন্ত অকস্মাৎ- চহৰৰ চৰাইখানাত এদিন লাগিল হট্টগোল ৷ সোঁৱে-বাঁৱে – ঈষাণে-নৈঋতে, আকাশে-বতাহে বিয়পি পৰিছিল এখিনি শুভ্ৰতা চহৰখনৰ চকুহালি হৈ পৰিছিল ঈষৎ শেঁতা যি শঙ্খৰ শুভ্ৰখিনিৰ নিচিনা সিদিনা শেঁতা পৰি যোৱা চহৰখনৰ বুকুলৈ অহা নাছিল ৰ’দ…
যশোৱন্ত নিপুণ সন্ধিয়াৰ আগেয়ে তাৰ গান গোৱা শেষ হ’ল৷ উপেনদাই ঠিক সময়তে মঞ্চত উঠিলে আৰু ঠিক সময়তে গান গোৱা শেষ কৰিলে৷ অনুষ্ঠানৰ প্ৰধান আকৰ্ষণ আছিল সি৷ য’লৈকে যায় তাতে সি তাৰ ওচৰৰ সকলোকে নিষ্প্ৰভ কৰা সূৰ্যটোৰ দৰে হৈ পৰে৷…
ড° অমৃত গোস্বামী আন্তৰ্জাতিক সহযোগিতাৰে পৰিৱেশ আৰু জীৱবৈচিত্ৰ্যতা ৰক্ষা আৰু বহনক্ষম উন্নয়নৰ বাবে ৰাষ্ট্ৰসংঘৰ দ্বাৰা আয়োজিত পৰিৱেশ আৰু উন্নয়ন শীৰ্ষক প্ৰথম ধৰিত্ৰী সন্মিলন(Earth Summit) ১৯৯২ চনৰ ৩-১৪ জুন তাৰিখে ব্ৰাজিলৰ ৰিঅ’ দি জেনিৰ’(Rio de Janerio) চহৰত অনুষ্ঠিত হৈছিল৷ এই সন্মিলনক…
(পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী ২০০৪ চনৰ চিনেমা সঞ্জীৱ সভাপণ্ডিতৰ ‘জুয়ে পোৰা সোণ’৷ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত পাৰিপাৰ্শ্বিকতাৰ শিতানত পুৰস্কাৰ লাভ কৰা চিনেমাখনৰ পৰিচালনাৰ লগতে চিত্ৰনাট্য ৰচনা, সংলাপ, কাহিনী আৰু প্ৰযোজনাও সঞ্জীৱ সভাপণ্ডিতৰ৷ চিত্ৰগ্ৰহণ মৃণালকান্তি দাসৰ৷ অভিনয় কৰিছিল যতীন…
(ভাতৃপ্ৰতিম ইভান লইঙৰ হাতত) ৰত্না ভৰালী তালুকদাৰ অংকন: বৰ্ণিল মহন্ত য়াম্প’ য়াঃঙাঙ’ ৰ য়াঃঙাঙ’ ৰগন’ ন’ গুপ্প’ গুবাং য়েকুপ’ আজি আজি কৰি, কালি কালি কৰি দিনবোৰ টুটি আহিছে ৷ যেনেকৈ কুকুৰাই উমনি দি দি শুকাই- খীণাই যায়,…