Category অন্যযুগ, আগষ্ট ২০২৫

প্ৰেক্ষাপটত এড’নিছ আৰু এটি আধৰুৱা কাহিনী

 পাপৰি গোস্বামী হঠাতে গৰমটো বেছিকৈয়ে পৰিছে৷ বাছখনৰ সোঁফালৰ ছিটকেইটাত দুপৰীয়াৰ চোকা ৰ’দ পৰি অস্বস্তিকৰ পৰিৱেশ এটা সৃষ্টি হৈছে৷ বাছখনে যাত্ৰী উঠা-নমা কৰিবলৈ কোনো ঠাইত ৰৈ দিলেই যাত্ৰীসকল অধৈৰ্য হৈ পৰে৷ খিৰিকীত লগাই থোৱা ডাঠ ৰঙৰ পৰ্দাকেইখনে গৰমখিনিক দুগুণে চৰাইছে বুলি ক’লেও…

অনুভৱ তুলসী : এক পাঠকৰ অনুভৱ

জয়চন্দ্ৰ হাজৰিকা এগৰাকী মননশীল কবিৰ কাব্য-জিজ্ঞাসা, কাব্য-সাধনাক এগৰাকী নিঃকিন পাঠকে সম্যকভাৱে উপলব্ধি কৰিব নোৱাৰিলে এক দুঃখবোধে নিৰন্তৰ ক্ৰিয়া কৰি থাকে৷ কিন্তু, গভীৰভাৱে প্ৰভাৱিত কবি এগৰাকীৰ সম্পৰ্কে নিজৰ ভিতৰত এগছি মাটিৰ চাকিৰ দৰে জ্বলি থকা শিখাৰ পোহৰত স্মৃতিচাৰণৰ বেলিকা এক প্ৰশান্তিও…

বেংডোবাৰ ঘাট

জয়ন্ত মাধৱ বৰা ৷৷আঠ৷৷ পুৱাই ভয়, আতংক আৰু উত্তেজনাত কঁপি উঠিল বেংডোবাৰ পাৰ৷ যেন আকৌ এবাৰ ভাঙি পৰিল নৈঋতত জ্বলি উঠা বেংডোবাৰ ওপৰৰ বেলি আৰু পানীত ওপঙি উঠিল মৃত্যুৰ নগ্নতা৷ কোনোবাই চিঞৰিলে– ‘বেংডোবাই আৰো নিল, বেংডোবাই আৰো নিল৷’ কি নিলে,…

নিকট-তীৰ্থ

 প্ৰদীপ শইকীয়া (প্ৰতি অনুভৱ তুলসী) মেঘপটীৰে বাট বুলিলে  দুয়োৰে মাজত কণমানি বাঁহীৰ ফুটাৰে  কোমলকৈ ফু এটিৰ বাট  শিৰীষজোপাৰ  আদৰ-আঁচলত আপুনি এতিয়াও মুখ লুকুওৱা এৱাঁশিশু বেলিমুখ বেলকনিৰপৰা  আপোনাক দেখোঁ নেকি সদায়ে চাওঁ  ধলপুৱাতে চকু মোহাৰি এবাৰ গৰখীয়া-বেলি পাহোৱাল হ’লে এবাৰ সাঁজৰ…

কবি-পিতা, ভালে থাকাঁ

  অংকুৰ ৰঞ্জন ফুকন    ‘…গতিকে সেই মন:সংযোগটো আমি সকলো কবিয়েই ৰাখিব লাগে।’- অনুভৱ তুলসী কোনো মন:সংযোগ নথকাকৈ শ্ৰদ্বাৰ্ঘ্যৰূপে খৰধৰকৈ কিবা এটা লিখাটো আপোনাৰ কবি-প্ৰাণৰ প্ৰতি অসন্মান কৰা হ’ব। আপোনাৰ আকস্মিক-অকাল প্ৰয়াণে দিয়া বেদনা, সেই পুত্ৰৱৎ স্নেহ, অগণন স্মৃতি, বহু পৰিকল্পনা আপোনাৰ…

অনুভৱ তুলসীৰ কবিতা : বিষয়ৰ নিৰ্ঘণ্টত অস্তিত্ববোধ আৰু মৃত্যুচেতনা

 অসীম কুমাৰ হাজৰিকা          অনুভৱ তুলসীৰ কবিতাত সময়, স্মৃতি আৰু অস্তিত্ব এক মৌন,  গহীন মানসিক যন্ত্রণা। এই অনুভৱে অস্তিত্বৰ দ্বন্দ্ব উন্মোচন কৰি পাঠকক আত্মমন্থনৰ দিশে খোজ পেলাবলৈ বাধ্য কৰায়। তুলসীৰ অনেক কবিতাত দেখা যায় যে জীৱনক তেওঁ কেৱল…

অনুভৱ তুলসীৰ সৈতে ৰাজীৱ বৰুৱাৰ হঠাৎ আলাপ

   প্ৰাক্‌কথন : ক’ভিড মহামাৰীৰ ভয়াৱহতা ক্ৰমে ক্ৰমে পাতলি আহিছে। স্বাভাৱিক হ’বলৈ যত্ন কৰিও পৃথিৱীখন স্বাভাৱিক হ’ব পৰা নাই, কাৰণ খুব কম সময়তে পৃথিৱীয়ে বহু কিবাকিবি হেৰুৱাইছে। তথাপি জী থকাবোৰ তেতিয়াও জী আছে, যেন বাধ্য হৈ, উপায়ান্তৰ হৈ…।  তেনে হতাশাগ্ৰস্ত কোনোবা…

নান্দনিকতা আৰু দাৰ্শনিকতাৰে সমৃদ্ধ অনুভৱ

  আমাৰ সময়ৰ অসমীয়া কবিসকলৰ ভিতৰত অনুভৱ তুলসীৰ মাজতে নান্দনিকতা আৰু দাৰ্শনিকতাৰ অতুলনীয় সমন্বয় সাধিত হৈছিল। যোৱা জুলাই সংখ্যা ‘অন্যযুগ’ত কবি অনুভৱ তুলসীৰ দুটা কবিতা প্ৰকাশ পাইছিল৷ পহিলা জুলাইৰ ৰাতিপুৱা আলোচনীখন প্ৰকাশ পোৱাৰ প্ৰায় ছঘণ্টামানৰ পাছতেই তেওঁ আমাক হতচকিত কৰি বিদায় মাগিলে…

অনুভৱ তুলসী

দিগন্ত শইকীয়া             আমাৰ সময়খিনিক কবিতাৰ ফ্ৰে’মত ধৰি ৰখিবলৈ সক্ষম হোৱা কম সংখ‍্যক অসমীয়া কবিৰ ভিতৰত অনুভৱ তুলসী অন‍্যতম। বিষয়বস্তুৱেই হওক বা ভাষাৰ ব‍্যৱহাৰেই হওক; প্ৰতীক-চিত্ৰকল্প বা অন‍্যান‍্য কাৰিকৰী দিশতেই হওক, তেখেতৰ কবিতা প্ৰকৃতাৰ্থতেই ‘নতুন’।            …

পানী হিলৈ

  গোৱিন কুমাৰ খাউণ্ড (সাত)     প্ৰচণ্ড ৰʼদ।  বাৰাণ্ডাৰ আৰামী বেঞ্চখনত বহি হিমানী আৰু মিলিটেৰীয়ে কথা পাতি আছে। কথানো কি, সেই একেবোৰেই। পতাবোৰকে পাতি পাতি অসম আন্দোলনৰ দিনবোৰলৈ ঘূৰি যায় দুয়োজন। ৰক্তাক্ত সময়ৰ হাবিতলীয়া দিনবোৰ, চকুৰ চাৱনিত উজলি উঠা কিৰণময়ী সময়বোৰ আকৌ…