sdblogs2011

sdblogs2011

ৰ’দে-বৰষুণে ইমান যে গান

লোকনাথ গোস্বামী               (৩য় অধ্যায়)   (১)   মোৰ ওপজা গাঁওখন  দ বেছেৰীয়া যদিও, দ গাঁও নামেহে  মানুহৰ মাজত বেচিকৈ পৰিচিত আছিল৷ আমাৰ চৌপাশৰ বৃহৎ অঞ্চল বেছেৰীয়াক ’পুখুৰীয়া’ আৰু বামবেছেৰীয়াক  ’বামগাঁও’ বুলিহে জানিছিলো৷ বেছেৰীয়া নাম ক’ৰ পৰা কেনেকৈ আহিল আজিও…

মহাকবি কালিদাসৰ ঋতুসংহাৰম্

অনুবাদ: কৌস্তুভমণি শইকীয়া দত্ত  দ্বিতীয় অধ্যায় ।। অথ বর্ষা ।। হে প্ৰিয়া ! ৰাজ-ৰাজেশ্বৰৰ দৰে বৰ্ষাঋতু সমাগত । জলকণাপূৰ্ণ মেঘ তেওঁৰ মদমত্ত হাতী ব্ৰজৰ গৰ্জন তেওঁৰ নাগাৰাৰ ধ্বনি । বিজুলী তেওঁৰ পতাকা, উদ্ধত ৰাজকীয় দ্যুতিৰে আহিল  কামুক পুৰুষৰ প্ৰিয় ঋতু…

মানুহ – অমানুহ

চিত্তৰঞ্জন ওজা   মানুহজনৰ বহু দিনৰ অপেক্ষাৰ অন্ত পেলাই এজেণ্ট কে কেৰ অশেষ কষ্টৰ মূৰত জাহাজ এখন গোটাব পৰা গ’ল৷ তামিলনাডুৰ এখন অখ্যাত গাঁৱৰ পৰা আৰম্ভ কৰা এই যাত্ৰা চাৰি দিনলৈ চলিব৷ তাৰ পাছত এটা নিজান দ্বীপত ভৰি থব পাৰিব৷…

গৈৰিক ভৈৰৱ

 উদয় কুমাৰ বৰুৱা   ৰাতিৰ নীৰৱতা ভেদি কোমল বতাহত ভাহি আহিছিল সুৰৰ গৈৰিক ভৈৰৱ সপ্তস্বৰত  মেৰখাই পৰিছিলো   অনুভৱৰ স্তৰে স্তৰে বিয়পি পৰিছিল কি এক সোণালী জ্বালা ৰাগৰ ছন্দে-ছন্দে এই আৰোহন এই অৱৰোহন যেন গৈ আছো ল’ৰালিৰ ধুলিময় প্ৰাচীন গো-বাটটোৰে…

প্ৰেম

 ছালমা জামান     ঘৃণাৰ চহৰত এজন উন্মাদ প্ৰেমিকৰ সন্মতিৰ যুঁজত চৰাই হৈ গান গাইছিল তাই   গান গাই থাকোঁতে মাজে মাজে তাই উচুপিছিল   বৈধ-অবৈধৰ কথা নাভাবি তাই কৈছিল, ওঁঠৰ বিশ্বাস চুমি তুমিও হ’ব পাৰা দুৰ্দান্ত সাহসী প্ৰেমিক  …

জোন

হিল্লোলজ্যোতি সিংহ নিঃশব্দে উৰি আহি বাদুলী কলথোকত পৰাৰ দৰে এঢোক গধূলি গিলি হতাশাই জপটিয়াই ধৰি কাবু কৰি পেলাইছিল মোক আৰু মই হৈ পৰিছিলোঁ কণা কলা বোবা কোঙা ক্লীৱ ক্ষোভ আৰু দুখৰ এলান্ধু জালত ওলমি থাকিলোঁ এযুগৰো ওপৰকাল…   এদিন ইকৰাৰ…

নাহৰ পাতত ব’হাগ

বিকাশ গোহাঁই   নাহৰ পাতত লিখিছোঁ তোমাৰ নাম, অ’ মোৰ ব’হাগ চহাৰ প্ৰাণত শিপাই আছে বিহুনাম গৰুহালৰ সলনি টেক্টৰখন আহিল ভালেই হ’ল, কষ্ট লাঘৱ তথাপি গৰুবিহু দিনা গৰুহাল বিচাৰোঁ । কন্ঠত মোৰ বাসন্তী ৰাগ দেহাত সাতামপুৰুষীয়া সাজ….   ঠিকনা:- বিকাশ…

যুদ্ধ, বিধ্বস্ত শৈশৱ ইত্যাদি

 লুইতজ্যোতি শৰ্মা   ২০১৪ চন৷ মাহমুদ৷ খেতিয়ক য়াফাৰ কাডিৰৰ পুত্ৰ মাহমুদৰ কথা কোনোৱে শুনা নাই৷ মাহমুদৰ সপোন, দিঠক আৰু ভৱিষ্যতৰ কথাও কোনোৱে আজিলৈকে ভবা নাই৷ ইজৰাইল সীমাৰ পৰা এক মাইল দূৰত্বত গাজাৰ এক ধ্বংসপ্ৰায় অঞ্চলত নিজৰ সপোনৰ ভগ্নাৱশেষৰ মাজত বিষণ্ণতাৰ…

নাংচেং

 অংগনা ভট্টাচাৰ্য্য    হেৰেমৰ সুদৃশ্য কক্ষটোৰ আলোকসজ্জাবোৰ আজি মোৰ বজ্ৰপাতৰ ভয়াৰ্ত পোহৰৰ খেল যেন লাগিছে৷ উতলি অহা শৰীৰৰ তেজক শান্ত কৰিব নোৱাৰি মই উদ্‌ভ্ৰান্ত হৈ পৰিছোঁ৷ বিশাল কক্ষটোৰ ইফালৰ পৰা সিফাললৈ খৰখেদাকৈ খোজকাঢ়িও মই নিজকে সম্বৰণ কৰিব পৰা নাই৷ কি…

ধেৱাই ধোৱা ধৰণী

  অজিত ছিংনাৰ (ছয়)  তেমেকাহঁঁতৰ গাঁওখনৰ পৰা উত্তৰ ফালে কলং নদীখন পশ্চিমৰ পৰা পূবলৈ বৈ গৈছে৷ এই শীতকালত কলঙৰ পানী ভালেখিনি কম, মাজত এবুকুমানহে পানী থাকে, ঠায়ে ঠায়ে খোজ কাঢ়ি পাৰ হ’ব পাৰি৷ কলঙৰ পাৰতে গৰখীয়াবোৰে ভোগালী বিহুৰ মেজি সাজিছে৷…