sdblogs2011

sdblogs2011

মৰদ কো দৰদ নেহি হ’তা হ্যেঁ

ধন দাস   পুৰুষৰ বাবেই  নগৰৰ দেৱালবোৰত লিখা হয়  ‘ইয়াত কুকুৰে প্ৰস্ৰাৱ কৰে’  বিশেষ কথাটো হ’ল সেইখিনিতেই সিবিধ লাগে  ছেঃ আজিও নাকটো জেপতে আছে  লাজত কিহৰ দৰদ  জেপত হাত খুচৰি চাধাৰ টেমাৰ পৰা চাধা মলি মলি গব্বৰ সিঙৰ ডাইলগ  “নাচ বাসন্তী…

কেনে আছে যুৱক সংঘবোৰ?

 সত্যজিৎ গগৈ যোৱা কেইটামান বছৰৰ আগলৈকে অসমৰ গাৱেঁ-ভূঞে বহু যুৱক সংঘ আছিল৷ কোনো কোনো ঠাইত এখন গাঁওৰ মাজতে একো একোতা যুৱক সংঘ আছিল৷ অন্য কিছু ঠাইত দুই/ তিনিখন গাঁও লগ হৈ একোটা যুৱক সংঘ আছিল৷ যুৱক সংঘ বুলি কওঁতে কেৱল…

গ্ৰন্থ ঋতুৰ চিন্তা

 পংকজ প্ৰতিম বৰদলৈ কিতাপে বহু ধুমুহাৰ সম্মুখীন হৈছে। সভ্যতাৰ প্ৰতিটো স্তৰতে কিতাপৰ আছে নিজা ইতিহাস। বহু সময়ত কিতাপে লাভ কৰিছে ইয়াৰ প্ৰাপ্য সন্মান আৰু আন বহু সময়ত ই পৰিগণিত হৈছে একোটা অগ্নিকুণ্ডত। আধুনিক সমাজত কিতাপে সম্মুখীন হৈছে নিত্য নতুন সমস্যাৰ। ডিজিটেল…

অসম সাহিত্য সভাৰ প্রথম সভাপতি-পদ্মনাথ গোহাঞিবৰুৱা আৰু তেওঁৰ সাৰুৱা ভাষণটো

 (৩) নৱনীতা ভট্টাচাৰ্য্য আজি ভাষণটোৰ তৃতীয় তথা শেষৰ অংশটোৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ৷ ভাষণটোৰ শেষৰছোৱাত তেওঁ অসমীয়া ভাষাৰ উন্নতিৰ বাবে কি কৰা উচিত সেই বিষয়ে আলোচনা কৰিছিল৷ তেওঁ প্ৰথমতে অসমীয়া ভাষাৰ উন্নতিৰ হকে কাম কৰা সেই সময়ত প্ৰচলিত আলোচনী আৰু…

দোৰোণৰ প্ৰতিপাল

নিৰু দত্ত  সোণমইনা নিচেই কেঁচুৱা উঠিল তমোময় জ্বৰ, চকু ঢেল খায় নুঘূৰে উশাহ মায়ে খালে থৰমৰ৷ আইতা আছিল তামোল চোবাই ওঁঠত সেলেঙি বোৱাই, থাওকতে উঠি মেলিলে ঢাপলি  চাদৰখন নিলে চোঁচৰাই। লোদোৰ-পোদোৰ দোৰোণৰ আগ এটি আনিলে ছি‍ঙি, মৌৰ লগত হাতেৰে মোহাৰি…

হে’ প্ৰেম মোক স্পৰ্শ কৰাঁ

উদয় কুমাৰ বৰুৱা দেওদুপৰীয়া চেনি‍পুঠি এটাই দলঙৰ তলেৰে বৈ থকা গড়খাৱৈৰ নিৰ্জনতা ভাঙে নাহৰপাতৰ মাজেৰে সৰকি অহা হেলনীয়া বেলিৰ ৰং মোৰ সেমেকা চকুত বিয়পি পৰে কচুপাতৰ থোলাত আমৰলি টোপ লৈ বৰশী টোপাই থকা ল’ৰাটো ময়েই ফ’ৰলেনত যোৱা বুঢ়া চতিয়নাজোপাৰ হুমুনি‍য়াহ…

পৰুৱাশিক্ষা

ভাস্কৰ জে নাথ     চাৰিবেৰ খহিলেই ঘৰ হৈ নাথাকে ই কি নতুন কথা!   নতুন কথা ক’ব নোৱৰা শোক এটা সদায় লাগি থাকে   ৰাতি ৰাতি চকুৰ পতাত ক’ৰ জানো সোঁৱৰণিৰ ইমান পোহৰ! টোপনি ভাগে ৰাতি খহে   মাখি…

ছায়াকল্প (৫)

 আকাশ দীপ্ত ঠাকুৰ   (‘ছায়াকল্প’ শীৰ্ষক কবিতাৰ এটি শিতান ‘অন্যযুগ’ৰ পাততে আৰম্ভ কৰিছিলোঁ৷ চাৰিটা খণ্ডৰ প্ৰতিটোতে ভিন্নসুৰী তিনিটাকৈ স্তৱক আছিল৷ বহু দিনৰ বিৰতিৰ পাছত পুনৰ সেই ধাৰাটোৰে তিনিটা স্তৱক লিখিবলৈ হেঁপাহ জন্মিল৷)   (১) জীৱন জলাশয়   আৰুনো কিমান পানী…!…

যি চিনেমা মোৰ নিৰ্মাণ কৰা নহ’ল

 সঞ্জীৱ সভাপণ্ডিত   কি চিনেমানো, কোন মানুহে কিয় নিৰ্মাণ কৰে তাৰ কিবা সঠিক উত্তৰ আছে বুলি ভাবিবৰ মন নাযায়। বহুতে ব্যৱসায়ৰ বাবে চলচ্ছিত্ৰ নিৰ্মাণ কৰে বুলি বুজা যায়। কাৰণ হাজাৰ হ’লেও চিনেমা এটা ব্যৱসায়। চিনেমা নিৰ্মাণত বহুত টকা ব্যয় হয়।…

কীট

 গীতিমণি গোস্বামী (বৰঠাকুৰ) গোৰটো তাৰ গাত মৰি যোৱাকৈয়ে সোধাইছিল সি৷ পুৱা দৰ্জা খোলাত দীঘল পৰুৱাৰ সমদল এটা দেখি তাৰ পম খেদি সি তাক ওপৰলৈ ঠেং-মূৰ দাঙি চক্ৰাকাৰে ঘূৰি থকা অৱস্থাত দেখিলে৷ লুটিয়াই-বগৰাই দিলে সি পুনৰ হৈ জীয়া জীৱন এটালৈ ঢাপলি মেলিব৷ আচৰিত…