sdblogs2011

sdblogs2011

অসমপ্ৰেমী এগৰাকী আমেৰিকান মহিলাৰ কথাৰে

 ড০ ৰক্তিম ৰঞ্জন শইকীয়া   যোৱাটো শতিকাৰ ষাঠীৰ দশকত উজনি অসমৰ যোৰহাট নগৰত এগৰাকী আমেৰিকান মহিলা আৰু তেওঁৰ তিনিগৰাকী কন্যাক “টেনডেম”(tandem) বুলি পৰিচিত বাইচাইকেলবিধত একেলগে উঠি ঘূৰি ফুৰা প্ৰায়েই দেখা গৈছিল৷ তেতিয়া ভাৰত স্বাধীন হোৱা কিছুদিনহে পাৰ হৈছিল৷ আধুনিকতাৰ পৰশ…

ৰ’দে-বৰষুণে কিমান যে গান

 লোকনাথ গোস্বামী (মন দাপোনত – ৯)                                                    (১)   গাঁৱৰ ঘটনা কৈ অন্ত কৰিব নোৱাৰি৷ বহাগ বিহু আহিলেই হুচৰি গোৱাৰ ধুম উঠে, জাকে জাকে হুচৰিৰ দল ওলায় গাঁৱত৷ প্ৰায়বিলাক হুচৰি দল প্ৰথমে আমাৰ ঘৰলৈ বুলি আহে৷ আহি সত্ৰত মূৰ…

আন’ৰা

 ৰিমলী বৰকটকী আন’ৰা। বৰ্তমান সময়ত সমগ্ৰ বিশ্বজুৰি চৰ্চিত এটি নাম৷ আজিৰ লেখাৰ বিষয় এই ছবি ছবি আন’ৰা, যিয়ে ৯৭তম একাডেমী বঁটা প্ৰতিযোগিতাত শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেত্ৰী, শ্ৰেষ্ঠ অৰিজিনেল চিত্ৰনাট্য আৰু শ্ৰেষ্ঠ সম্পাদনাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ…

কুকুৰীকণা Poem June 2025

প্ৰদীপ শইকীয়া কোনযোৰ চচমা সঁচা ৷  ক্লাছিক পতনুৱা ৷ কোনবোৰ মিছা চিধা-চকুৱা আমি মুলুং মানুহ ৷ অনেক যুদ্ধ দেখিলি অনেক যুঁজাৰু ৷ দ্ৰোহী বিপ্লৱী ৷ তিৰাশীৰ গাওঁ-ভূঁই ৷ পিক-ৰঙা নৈ  ওৱা আঁঠু কঢ়ায় কাণ মলে ৷  ছাতৰে কিলায় !  ‘চৰিত্ৰ-পাঠ’ৰ…

এপাট শৰ আৰু এটা গান

মূল : Henry Wadsworth Longfellow  কবিতা: The Arrow and the Song ভাবানুবাদ : দীপাঞ্জলি দেৱী      শূণ্যতে মই এপাট শৰ এৰিলোঁ তীব্র বেগত সি উৰি গ’ল মই তলকিবই নোৱাৰিলোঁ শৰপাটে ভেদিলে  ক’ত …    প্ৰাণ ঢালি  এটি গীত জুৰিলোঁ বতাহতে ভাহি…

পাবলো নেৰুদাৰ ছনেট – ১৮

মূল : পাবলো নেৰুদা অনুবাদ : ৰঞ্জুমণি মহন্ত   তুমি পাহাৰ চেৰাই যোৱাঁ বতাহৰ দৰে৷ অথবা বৰফ গলি বৈ যোৱা এটি চঞ্চল নিজৰাৰ দৰে নাইবা তোমাৰ ঢৌ খেলা চুলিৰ হয়, তোমাৰ সোণোৱালী চুলিৰ সূৰুয জলমল বৈভৱৰ দৰে৷   তোমাৰ দেহত…

তেওঁ তোমাৰ নিজৰ ভিতৰতে

ৰিপুঞ্জয় বৰুৱা ঋমন জনসমাগমত নিঃসঙ্গ অনুভৱ কৰি  বিষাদগ্ৰস্ততাত চকুলো টুকি  ফাগুনৰ ফেৰী ঘাটত  সৰাপাতকেই ফুল বুলি বুটলি  ভ্ৰমত ভ্ৰমি ফুৰাজনেই  তোমাৰ প্ৰিয়জন   তেওঁৰ চকুপানী মচি দিয়া ঁ তেওঁক অন্তৰেৰে স্পৰ্শ কৰাঁ  তেওঁক প্ৰেমেৰে অনুভৱ কৰাঁ  তেওঁ তোমাৰ ভালপোৱা হ’বলৈ এপাহ…

ভোক

 উজ্জ্বল স্মৰণ দত্ত   উদৰৰ বানবৰিয়া খাল এৱাঁচোলা পিন্ধাৰ পৰা পিতপানী হৈ উজায়   দুপৰত বাঢ়ে চোক অজগৰে গিলি খোৱা পৃথিৱীত উদৰৰ চোকত চোক বাঢ়ি ক্ষণে উঠা ক্ষণে নমা   বিজ্ঞাপন চাৰে তৃতীয় বিশ্বৰ দেশৰ উদৰৰ ভৰে পিষ্ট কৰা জীৱনৰ   ভোগৰ ভোগজৰা খোৱাৰ পৰা জুই হৈ জ্বলে চোক চিকচিনা মনগহন   অপূৰ্ণতাক চাকি চাই  আকণ্ঠ পান কৰে উদৰৰ চোক হৈ নাথাকে ভোক ভোগৰ দাঁতে আঁকুহে বিকুহে ৷