‘পাতি-সোণাৰুৰ ফুল’ আৰু বিবিধ সাক্ষাৎকাৰৰ আলোকত নীলমণি ফুকনৰ কাব্যচেতনাত এভুমুকি
ড° প্ৰাণজিৎ বৰুৱা যোৱা শতিকাৰ পঞ্চম দশকৰ মাজভাগত আত্মপ্ৰকাশ কৰা নীলমণি ফুকনৰ কবিতাৰ ৰং-ৰূপ-ৰস-গন্ধই আধুনিক অসমীয়া কবিতাক বিভিন্ন ধৰণেৰে সমৃদ্ধ কৰিছে৷ তেওঁৰ কবিতা ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো স্বকীয় গুণ-গৰিমাৰে জিলিকি উঠিবলৈ সক্ষম হৈছে৷ মৌলিক আৰু অনুবাদ- দুয়োখন ক্ষেত্ৰতে বিচৰণ কৰা ফুকনৰ কবিতাৰ…