নীলমণি ফুকনৰ কবিতাত সমাজ বাস্তৱতা আৰু নিম্নবৰ্গীয় মানুহৰ চিত্ৰণ
ড০ দীপমণি দাস কবিৰত্ন নীলমণি ফুকন কবিতাৰ এজন আজীৱন সাধক যিজনক অসমীয়া কবিতাৰ জগতলৈ আগবঢ়োৱা অনুপম বৰঙণিৰ বাবে ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ সন্মান ‘জ্ঞানপীঠ’ বঁটাৰে সন্মানিত কৰা হৈছে। তেওঁৰ কাব্যিক মনন একক, অনন্য আৰু অভিনৱ। তেখেতৰ কাব্য সংকলন সমূহ হ’ল- সূৰ্য…