sdblogs2011

sdblogs2011

চৰাই চিনো আহক – ২

 হেমন্ত কুমাৰ গগৈ নাম: চাকৈ চকোৱা ইংৰাজী নাম: Ruddy Shelduck, Brahminy Duck বৈজ্ঞানিক নাম: Tadorna ferruginea সংৰক্ষণ স্থিতি: নূন্যতম চিন্তনীয় (Least Concern)  এই চৰাইবিধ শীতকালত অসমৰ নদ নদী আৰু খাল বিল সমূহৰ পাৰত সততে দেখা পোৱা যায়। সাধাৰণতে যোৰ পাতি…

ভুলতে তোমাৰ ঠিকনা নিদিবা

 সুশান্ত বৰা    ভুলতে তোমাৰ ঠিকনা নিদিবা  ভুল হ’বলৈ ভুলে বাট পালে  হোৱাৰ ভুলক ভুল বুলি নক’বা ৷   ঠিকনা ভুল কৰা বহু পথিকৰ অপঠিত কবিতা ৰাতি উচাপ খাই সপোনৰ নেগুৰ হেৰুওৱা মই দেখিছোঁ,  মই দেখিছোঁ সুৰময়ী কথকী উদ্ভিদ  ধান…

মুখা

ড° চিত্ৰজিৎ শইকীয়া   দেখা আৰু নেদেখা অনেক মুখা মুখাৰ অন্তৰালতো আন এক মুখা   সবাক মুখক নিৰ্বাক কৰিবলৈ মুখা লাগে নিজক সুৰক্ষিত স্থানত ৰাখিবলৈয়ো লাগে একোখন মুখা   মুখা সুৰক্ষা মুখা অস্ত্ৰ   সকলোৱেই মুখা পিন্ধে কিছু দেখি কিছু…

বচা বকুল

 ৰমানন্দন বৰা দহ   আস্‌…. এটা আৰ্তনাদ৷ বেণুৰ পিঠিত জোং লগা গধূৰ বস্তু এটাই প্ৰচণ্ড জোৰত ঢকা মাৰিলে৷ সি হামখুৰি খাই পৰিল৷ ঝাউবনৰ গুৰিত পৰি তাৰ মুখৰ পৰা তেজ ওলাবলৈ ধৰিছে৷ পিঠিখন কিবা এটাই ফালি পেলাইছে৷ হোৰাহোৰে তেজ ওলাইছে৷ বস্তুটো…

বুদ্ধিৰ সাগৰ বীৰবল

 ৰচনা পাঠক (৩০) বাদশ্বাহৰ এটা মৰমৰ ভাটৌ চৰাই আছিল৷ এবাৰ মহাৰাণীৰ নৰিয়া হওঁতে কোনোবাই তেওঁক কিবা এটা খুব মৰমৰ বস্তু দান দিবলৈ পৰামৰ্শ দিছিল৷ তেতিয়া তেওঁ নিজৰ কাৰেঙৰ সেৱক এজনক মাতি আনি সেই চৰাইটো দি দিছিল৷ চৰাইটোক মৰমেৰে প্ৰতিপালন কৰিবলৈ…

অন্যযুগ, মে’, ২০২২

(কবিৰত্ন নীলমণি ফুকন বিশেষ সংখ্যা) উপদেষ্টামণ্ডলী ড˚ পোনা মহন্তডা˚ ধ্ৰুৱজ্যোতি বৰা সম্পাদক মৃদুল শৰ্মা (অবৈতনিক) কাৰ্যবাহী সম্পাদক ৰঞ্জুমণি মহন্ত (অবৈতনিক) কলা সম্পাদক ড˚ সঞ্জীৱ বৰা বিভাগীয় পৰামৰ্শদাতা আকাশ দীপ্ত ঠাকুৰ (অবৈতনিক) সিদ্ধাৰ্থ শংকৰ কলিতা ব্যৱস্থাপক অচিন্ত্য কুমাৰ মহন্ত ব্যৱস্থাপনা সহযোগী পংকজ কলিতা দেৱজিৎ ভঁৰালী প্ৰচ্ছদ…

অচিনাকী নিৰ্জনতাৰ পৰা চিনাকী নীৰৱতালৈ কবি নীলমণিৰ অন্বেষণত

 সঞ্জীৱ সভাপণ্ডিত মই এখন চিনেমা নিৰ্মাণ কৰিছিলোঁ৷ নাম আছিল– জাংফাই জোনাক৷ ইংৰাজীলৈ ভাবানুবাদ কৰি নাম দিছিলোঁ – From the Shadow of Silence৷ জাংফাই মণিৰ বৰণ খঙাল৷ জোনাকৰ স্পৰ্শ হ’ল স্নিগ্ধ–শীতল–কোমল৷ এটা সৰু ১০/১২ বছৰীয়া ল’ৰাৰ এবাৰ আই ওলাইছিল৷ চুলিবোৰ খহুৰ আঠাৰে লিপিট…

নীলমণি ফুকনৰ কবিতা : বোধ, বৈভৱ আৰু সমৃদ্ধিৰ ব্যাখ্যান

ড° প্ৰাণজিৎ বৰা নীলমণি ফুকনৰ কবিতাৰ বিষয়ে আলোচনা কৰিবৰ পৰত প্ৰখ্যাত কবি-সমালোচক হীৰেন্দ্ৰনাথ দত্তই এষাৰ অতি গুৰুত্বপূৰ্ণ কথা কৈছে– ‘এক ট্ৰেজিক বোধৰ দ্বাৰা মুহূৰ্মুহঃ শিহৰিত বেদনাৰ অনুভূতি ফুকনৰ কল্পনাশক্তিৰে ধাৰ ৷’ এই ‘ট্ৰেজিক বোধ’ৰ ব্যাখ্যা দত্তই আগ বঢ়োৱা নাই, কিন্তু…

নীলমণি ফুকনৰ শিল্প-কলা সমালোচনা : এক পৰ্যালোচনা

পঙ্কজ প্ৰতিম বৰদলৈ   শিল্পকলাৰ ৰসাস্বাদন এক প্ৰকাৰৰ আত্মিক অনুভূতি। চৌপাশৰ বাহ্যিক পৃথিৱীখনক এক অন্তৰ্দৃষ্টিৰে হৃদয়ংগম কৰি চোৱাৰ ক্ষমতা থাকিলেহে, তেনে জুমুঠিৰে তৈয়াৰ হোৱা কোনো এক শিল্পকলাৰ গূঢ় তত্ত্ব বা ৰহস্যক অনুধাৱন কৰিব পৰা যায়। শিল্পী এজনে যি কাল্পনিক সংখ্যা…

নীলমণি ফুকনৰ কবিতা : ৰূপ-সৌন্দৰ্যৰ সন্ধান

ড° বিনয় কুমাৰ মজুমদাৰ   সৰুৰে পৰা কবিতা পঢ়াৰ এটা অভ্যাস গঢ় লৈ উঠা হেতুকে আজিও কবিতা য’ত যেনেকে পাওঁ তেনেকৈয়ে পঢ়িবলৈ প্ৰয়াস কৰোঁ৷ স্কুলীয়া জীৱনত পদ্য পঢ়া আৰু মুখস্থ কৰাৰ এটা অভ্যাসো গঢ় লৈ উঠিছিল৷ স্কুলত শিক্ষকে একোটা কবিতা পঢ়াওঁতে,…