sdblogs2011

sdblogs2011

অচিন জগতত বাটলু

 স্মৃতিৰেখা দেৱী পোন্ধৰ দিনমানেই হ’ল, গ্ৰীনাৰ লোকসকল সেউজপুৰৰপৰা গ’লগৈ৷ তেওঁলোক একেবাৰে গুচি যোৱা দিনটো সেউজপুৰীয়াসকলৰ বাবে বৰ দুখৰ দিন আছিল৷ আৱেগক বৰকৈ প্ৰশ্ৰয় দিব নোখোজা গ্ৰীনাৰ জ্ঞানী তথা মৰমিয়াল প্ৰাণীকেইজনেও সেইদিনা চকুপানী টুকিছিল৷ সেই দিনটোলৈ মনত পৰিলে মহামন্ত্ৰী বৃকোদৰৰ বুকুখন…

বিপুল খাটনিয়াৰৰ ‘বাঁকৰ সাধু’ : বিশ্বাস বনাম বাস্তৱতা

 দীপজ্যোতি বৰা          ১৯৮০ চনত প্ৰকাশিত ‘খোজৰ শব্দ’ শীর্ষক গল্প সংকলেনেৰে অসমীয়া চুটিগল্পৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰা বিপুল খাটনিয়াৰ (১৯৫৩-২০২১) সমাজ সচেতন গল্পকাৰ হিচাপে বিশেষভাৱে পৰিচিত৷ ভ্ৰমণ তথা ক্ষেত্ৰ অধ্যয়নৰ পৰা পোৱা অভিজ্ঞতা আৰু খাটি খোৱা মানুহৰ জীৱনৰ…

ৰাতি

 অৰুণ গগৈ                 ৰাতিৰ নিজানত কাণ পাতি শুনো হাজাৰ বিজাৰ কেঁচু-কুমটিৰ নৈশ সংগীত মোৰ উৰুখা পঁজাৰ মজিয়াত জোনৰ লুকা-ভাকু পোহৰ মই ৰাতিৰ নীৰৱতাত পানী-আঙুলি বোলাই নিজকে চুই চাওঁ নেজালপতীয়া শামুকৰ দৰে এন্ধাৰবোৰে মোক গিলি পেলাই ৰাতি ফুলা বনৰীয়া ফুলে মোৰ…

সৰা পাতে ক’ব বসন্তৰ কথা

সঞ্জীৱ বৰুৱা সৰা পাতৰ খৰমৰণিত সাৰ পাই উঠা মৰা ৰাতিটোৰ দৰে অহা-কাইলৈও আহিব নেকি অন্য এটা শীতল ৰাতি?   এইবেলি শীতৰ স্পৰ্শত সৰি পৰা উৰিয়ামৰ পাতখিলাই বসন্তৰ আগমনৰ কথা ক’বনে? কুলি চৰাই কেইটাই এইবাৰো জুৰিবনে অমিয়া গান?   নাহৰৰ ন-কুঁহিপাতত…

কলা কি?

  মূল : লিও টলষ্টয়ৰ What is Art?   অনুবাদক : ড˚ বিৰিঞ্চি কুমাৰ দাস (১০)   কিন্তু এইটো কেনেকৈ হ’ব পাৰিছিল যে সেইটো কলাকেই, যাক প্ৰাচীন কালত কেৱল সহ্য কৰা গৈছিল (যদি সঁচাকৈয়ে সহ্য কৰা গৈছিল), আমাৰ সময়ত যিকোনো ক্ষেত্ৰতে…

খুচুৰা ২.০

 প্ৰতীক্ষা বৰা     : এইফালে গছ-বনবোৰ কিবা শুকান, ৰস নাইকিয়া৷ আমাৰ ফালে গছবোৰ কিমান জীপাল, কিমান সেউজীয়া নহয়নে?  : হুঁ৷ মন কৰিছোঁ ময়ো, আনহে নেলাগে দিল্লীৰ ফালেই গছ-গছনি সেউজীয়া৷ ঋতু অনুযায়ী ফলে-ফুলে জাতিষ্কাৰ৷  : তাকেই৷ মাটিবোৰো চাওক, ধোঁৱাবৰণীয়া৷ এটা ডিছ্‌ছেটিফেকশ্বন আছে সমগ্ৰ জেগাখিনিত৷ হ্ৰদ বুলিও যিটো…

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা  (২৫) এইকেইদিন ষ্টেপানৰ ঘৰখন ভৰি আছে। তিনি পুত্ৰ-বোৱাৰী আৰু নাতি-নাতিনীৰে উখল মাখল ঘৰৰ বাজ-ভিতৰ। বহু বছৰৰ মূৰত ঘৰখনত এই খদমদম। বুকু ভৰি পৰিছে ষ্টেপানৰ। পুত্ৰ-বোৱাৰীৰ পৰিচৰ্যা আৰু নাতি-নাতিনীৰ আব্দাৰেৰে উমাল হৈ পৰিছে তেওঁৰ ঘৰ, মন আৰু সময়।  মলেঁয়া…

মুখৰ কাহিনী

মদাৰজ্যোতি  মুখবোৰে ফুলবোৰলৈ চাই আছে  ফুলবোৰে পখিলালৈ  মুখবোৰে ফুলবোৰলৈ চাই আছে  ফুলবোৰে বেলিলৈ  এইমাত্ৰ কলহ এটাই বাকি দিছে নৱজাতকক মুখবোৰে চাই আছে তাৰ  তেজে ধaৱা গা  এখন চিত্ৰ প্ৰদৰ্শনীত ওলমি আছে  মুখৰ কলাজ  এখনত পিঠিৰ ফালে মুখ  মুখত ছাই  এখনত…

এনালছ স্কুল আৰু অসমৰ ইতিহাস চর্চা

 ড০ ৰক্তিম ৰঞ্জন শইকীয়া   ইতিহাস চর্চা এক অতি পুৰণি বিদ্যায়তনিক পৰম্পৰা৷ হেৰোডোটাছক যদি আমি ইতিহাস চর্চাৰ জনক বুলি ধৰোঁ, তেন্তে খ্ৰীষ্টপূর্ব পঞ্চম শতিকাৰ পৰা যি চৰ্চা আৰম্ভ হৈছিল সেই চৰ্চাৰ ধাৰা কুৰি শতিকাৰ প্ৰথম দুটা দশকলৈকে বিশেষ পৰিৱর্তন নোহোৱাকৈ…

সপোনপুৰী

মূল : লুইচ কেৰ’ল (Lewis Carroll, Dreamland, ইংৰাজী)   অনুবাদ : ড° ৰঞ্জিত দত্ত যেতিয়া মাজ  নিশাৰ  কুঁৱলীবোৰে ছানি ধৰে  পৃথিৱীখনৰ  সকলোবোৰেই নিমগ্ন হয় গভীৰ নিদ্ৰাত, মোৰ চাৰিওফালে তেতিয়া ভয়ঙ্কৰ মৃত্যুৱে দপদপনি তুলি পাৰ হৈ যায় মোৰ কাষেদি মই নজনাকৈয়ে। পাৰ হৈ যায়…