sdblogs2011

sdblogs2011

ৰ’দত কোনে কি কি কৰে

  ড০ সঞ্চিতা বৰা   কাঁচিয়লি ৰ’দত ৰচকী পখিলাই মেলি পাখিযুৰি, ফুলক জোকাই উফৰি ফুৰে ৰংবোৰ কৰি চুৰি।   চৌফলীয়া ৰ’দত কেৰ্কেটুৱাই নেজৰ ছাতি মেলি, নানা গুটি খায় বাঁহৰ আগৰ জুলনাখনত জুলি।   পকা ৰ’দত কপৌহালিয়ে ওমলেহি চোতালতে, ভাল পায় খাই দুপৰৰ ভাত…

৺দেৱেন্দ্ৰনাথ আচাৰ্য্য আৰু ‘জঙ্গম’

 অমৃত গোস্বামী   পিতৃ নগেন্দ্ৰনাথ আচাৰ্য্য আৰু মাতৃ জয়ন্তীপ্ৰিয়া দেৱীৰ সুযোগ্য সন্তান দেৱেন্দ্ৰনাথ আচাৰ্য্যৰ জন্ম হৈছিল ১৯৩৭ চনত, যোৰহাটৰ ওচৰৰ গৰখীয়া দ’ল নামৰ ঠাইত। দেৱেন্দ্ৰনাথ আচাৰ্য্য সৰুৰেপৰাই এজন অতি মেধাগুণ সম্পন্ন ছাত্ৰ আছিল। তেখেতে এম.ই পৰীক্ষাত অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ…

‘অলপ আন্ধাৰত অলপ পোহৰত’ কাব্যগ্ৰন্থত সপোন আৰু বাস্তৱৰ সেতুবন্ধন

ৰুদ্ৰসিংহ মটক “Genuine poetry can communicate before it is understood.” (টি. এছ. এলিয়ট)। কবিতাৰ সোণালী দাপোণতে প্ৰতিবিম্বিত হয় স্বদেশ-স্বকালৰ ছবি, পোহৰৰ পৃথিৱীৰ নন্দিত ৰূপ। ভাষাৰ জড়তা, সৌন্দর্যহীন কৃত্রিমতা-যান্ত্রিকতাই কবিতা-অনুৰাগীক সততে হতাশ কৰা এক প্রতিকূল পৰিস্থিতিতো কবিতা জীয়াই আছে দেশে দেশে,…

সৌমিত্ৰ চেটাৰ্জীৰ দুটা কবিতা

 শ্ৰদ্ধাঞ্জলি সৌমিত্ৰ চেটাৰ্জী৷ বাংলা চিনেমাৰেই নহয়, বিশ্ব চলচ্চিত্ৰৰ এজন কিংবদন্তীস্বৰূপ অসাধাৰণ প্ৰতিভাসম্পন্ন মহাশিল্পী, গণশিল্পী, প্ৰচ্ছন্ন ভদ্ৰলোক৷ ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু সত্যজিত ৰয়ৰ পিছতেই বাংলা কলাজগতৰ এজন ‘ওখ মানুহ’৷ সত্যজিত ৰয়ৰ সৈতে তেখেতৰ অতুল্য কলাৰ ৰসায়নেৰে সৃষ্টি হৈছিল চৈধ্যখনকৈ মাষ্টাৰপিচৰ৷ অপু ত্ৰিল’জী,…

হাইকু

অনুবাদ: হৰেকৃষ্ণ ডেকা নিয়ৰৰ এখন পৃথিৱী, আৰু প্ৰতিটো নিয়ৰকণাৰ ভিতৰত  সংগ্ৰামৰ এখন জগত   ইছা (১৭৬৩-১৮২৮) যদি মই পাৰিলোঁহেতেন, চেৰীফুলৰ সৰা পাহিৰ দৰে গান গাই থাকিলোঁহেতেন   বাছো (১৬৪৪-১৬৯৪)   অ’ শামুক ফুজি পৰ্বতৰ ওপৰলৈ উঠ, কিন্তু লাহে লাহে, লাহে…

হাতীপটি

নিৰু দত্ত   জুমি, ৰাণী, বিকু, বাবা, সন্ধ্যা আৰু মাজনী কাষ চাপি আহাঁ, শুনাম আজি হাতীপটিৰ কাহিনী । আকাশৰ সাগৰত নাও বাই তৰা, জোন, বেলি বগাকৈ হাতীপটিও আমাৰ নিচেই চিনাকি । আগষ্টৰ পৰা অক্টোবৰলৈ আন্ধাৰ ফৰকাল ৰাতি উত্তৰা-দক্ষিণাকৈ থাকে আকাশৰ…

হামি

গুণোজীৎ দাস হামি এটাৰ বাহিৰে যেন নিজৰ বুলিবলৈ আন একোৱেই ৰৈ যোৱা নাই নিজৰ বুলিয়েই এটাৰ পিছত মাৰি আছোঁ আনটো হামি হামিৰ ব্যৱধান কমি সি সাং হোৱালৈ মাজতে পিঠিৰ খজুৱতি বাঢ়িল  কালে মোকলাই দিয়া হামি আৰু খজুৱতিত এটাও যদি গছপুলি বাঢ়িলহেঁতেন…

শ্বেৰণী : মানুহ বনাম বন্যজন্তু, অৰণ্যৰ সংঘাতৰ সফল প্ৰতিফলন

 গীতিকা শইকীয়া “শ্বেৰণী” চিনেমাখনৰ আৰম্ভণি এখন বনাঞ্চলৰ দৃশ্যৰে হয় য’ত প্ৰকৃতিৰ চিৰসেউজীয়াৰ নয়নাভিৰাম সৌন্দৰ্যই দৰ্শকক মুগ্ধ কৰে। ৱাইড এংগল শ্বটৰ সেই সেউজীয়া লাহে লাহে ধুসৰ হৈ গৈ কাহিনী আৰম্ভ হ‘বলৈ ধৰে। অৱশ্যে চিনেমাখনত অৰণ্যৰ সৌন্দৰ্যক দেখুওৱাটোৱেই পৰিচালকৰ উদ্দেশ্য নহয়। মূলতে…

শ্ৰদ্ধাৰ্ঘ্য : ড° অপৰ্ণা মহন্ত

 ৰঞ্জুমণি মহন্ত ইংৰাজী সাহিত্যৰ প্ৰথমগৰাকী অসমীয়া মহিলা ডক্টৰেট, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড০ অপৰ্ণা মহন্ত আছিল অসমৰ নাৰীবাদী চিন্তা–চেতনাৰ অন্যতম বাটকটীয়া৷ যোৱা শতিকাৰ নৱম দশকৰপৰাই অসমৰ নাৰীবাদী আন্দোলনৰ সৈতে কেৱল বিদ্যায়তনিকভাৱেই নহয় এগৰাকী তৃণমূল কৰ্মী হিচাপেও জড়িত হৈ অহা…

শ্ৰমৰ মৰ্যাদা আৰু অসমীয়াৰ দুৰ্দশা

ইতিমধ্যে অসমৰ নতুন চৰকাৰখনৰ বয়স এমাহতকৈ বেছি হ’ল৷ এই এটা মাহত চৰকাৰখনে ৰাজ্যৰ উন্নতিৰ কাৰণে কি কি কৰিছে সেয়া স্পষ্ট হৈ উঠিবৰ সময় হোৱা নাই৷ মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন বিষয়ক লৈ সজাগ হোৱা দেখা গৈছে, বিশেষকৈ লোকনিৰ্মাণ বিভাগটোক লৈ, যিটো বিভাগ পূৰ্বৰ চৰকাৰৰ দিনতো…