sdblogs2011

sdblogs2011

নিশাচৰ চৰাই ফেঁচাৰ বিষয়ে কিছু কথা

 Brown Hawk Owl / Brown Boobook বা দুখী ফেঁচা ৰূপজ্যোতি হাজৰিকা         আমাৰ দেশত বহু প্ৰকাৰৰ ফেঁচা দেখিবলৈ পোৱা যায়৷ ফেঁচা এক প্ৰকাৰৰ নিশাচৰ চৰাই৷ দিনৰ ভাগত ইহঁত গছৰ ডাল বা গছৰ ধোন্দত জিৰণী লৈ থাকে৷ এই চৰাই বিধ ৰাতিৰ পৰা…

নিৰ্বাসিত

জ্যোতিনীলিমা গগৈ জাৰণিৰ আন্ধাৰত হেৰুৱাই পেলাইছোঁনিৰ্বাসিত চৰাইটোফুলনিৰ পৰা নিৰ্বাসিত পখিলাবোৰৰোপাখি জৰজৰ উপকূল এৰি যোৱা নিৰ্বাসিত এখন জাহাজততুলি দিয়া হৈছে আমাৰ দগ্ধ বসন্তদূৰণিত ৰৈ চাই আছোঁবৰষুণত ছিগি পৰা সোণাৰুৰ পাহিৰেসজাই তোলা হৰিৎ পথ সন্ধ্যা তৰাজাকৰো আছে নিৰ্মেঘ ভাবনাজিলিকি উঠাৰ পৰতহৃদয়ৰ গৰাখহনীয়াত আক্ৰান্ত মানুহেলিখি আছে…

নিৰ্মাণ

লক্ষ্যজিৎ বৰা কবিতাৰ নিৰ্মাণ পানীকথা৷ লুটিয়াই দিওঁ৷ শিশুৰ বাবে থিঅ’ৰিৰ গুৰিবোৰ চিকুণাই দিওঁ৷আত্মপঠন জৰুৰী বাবে কেঁচা তামোলৰ ভৰুণ থোকলৈ চাই বহি থাকোঁ৷ শিপাই যোৱা কথাই নৈৰ দৰে পিহি থাকে৷গতিশক্তিৰ বাবে কমি গৈ থাকে স্থিতিশক্তি৷ ফৰ্ম ইম্‌পৰ্টেণ্ট। যুদ্ধৰ বাবে৷ চমঝোতাৰ বাবে৷ মানুহ হোৱাৰ বাবে৷গছ স্বাধীন৷ নিৰৱে মৰি থাকিব পাৰে৷…

ছল্ট ষ্ট’ৰী

 নীলোৎপল বৰুৱা   : চোৱাঁ…নিমখ মূল কথা। নিমখ অনুঘটক। নিমখ সংঘটক। নিমখ মেইন। দুবদুবকৈ শ্ৰীযুত হাজৰিকাৰ হৃৎপিণ্ড‌ই শব্দ কৰিছে। তেখেতৰ সিৰা আৰু ধমনীবোৰৰ ভিতৰ ফালে ডাঠ চৰ্বীৰ আস্তৰণ পৰিছে। সেই প্ৰলেপৰ মাজৰে সৰকি যোৱা তেজৰ ফোৱাৰাবোৰে পৃথিৱীৰ পৰা লোৱা বতাহ…

ছাতি ফুলা বতৰ

নীলাভ সৌৰভ   ছাতি ফুলিবলৈ বতৰ লাগে শীতত নুফুলিলে ইমান একো ক’ব লগা নাথাকে   কেৱল নপৰে পৃথিৱীখন যদি ঘুৰি আছে তলৰপৰা ওপৰলৈও উঠে বৰষুণ কেৱল নপৰে প্ৰেমতো প্ৰেমত যদি ঘুৰি আছে ভূমণ্ডল প্ৰেমত উঠেও মানুহ   দুৱাৰ খিৰিকি খুলি…

ছেংগীজ খাঁ

 নীলোৎপল বৰুৱা অংকন: বৰ্ণিল মহন্ত   ছেংগীজ খাঁৰ কুকুৰটোৰ নামো ছেংগীজ খাঁ৷ তেলচিকটি লাগি মসৃণ হৈ যোৱা অলপ বেঁকা লাখুটিডালৰ নামো ছেংগীজ খাঁ৷ (সেইডাল এডাল গমাৰি ডাল, সময় আৰু জলবায়ুয়ে তাৰ ৰূপ-ৰং-ৰস-গন্ধ-বৰ্ণ বদলাইছে৷ সম্প্ৰতি সি মেহগনি কাঠৰ ৰং লৈছে৷ দেখোঁতাজনত…

জনজাতীয় / জনগোষ্ঠীয় সমাজ আৰু সাম্প্ৰতিক পৰিৱেশ-পৰিস্থিতি

  শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ বাৰ্ষিক পূজা সমাগত৷ এই পূজাত আমাৰ দেশৰ প্ৰায়বোৰ অঞ্চলতে মানুহ আনন্দত আত্মহাৰা হয়৷ বিশাল বজাৰ এখনে সাধাৰণ মানুহৰ কষ্টোপাৰ্জিত ধনৰ একনা-দুৱনাকৈ হাজাৰ হাজাৰ কোটি টকা উপাৰ্জন কৰে৷ সৰ্বসাধাৰণ উপান্ত হ’বলগীয়াকৈ উদ্‌যাপন কৰা এই পূজাত শ্ৰদ্ধা-ভক্তিতকৈ…

জন্মদিনত

 ধীমান বৰ্মন   জন্মদিনত প্ৰতাৰণা নহয় পৃথিৱীত   জন্মদিনত প্ৰতিজাক ৰ’দে আগবঢ়াই নিয়ে মিছিলৰ নায্য প্ৰতিবাদ   জন্মদিনত জুয়ে জাৰ খেদিবলৈ পিন্ধে সন্ধ্যাৰ উৱলি যোৱা চুৱেটাৰ    জন্মদিনত পুৰণি এখন বাছ পুৰণি এখন চহৰলৈ আহিব আহিব যেন ভাৱনাত ডুবি থাকে…

জুৰি বৰা বৰগোহাঞিৰ উপন্যাস ‘সিহঁত’ :: এজন পাঠকৰ দৃষ্টিৰে এক চমু অৱলোকন

 প্ৰাঞ্জল প্ৰতিম বৰা জুৰি বৰা বৰগোহাঞি অসমীয়া উপন্যাস সাহিত্যত এক প্ৰতিষ্ঠিত নাম। এগৰাকী ঔপন্যাসিক হিচাপে বৰগোহাঞিয়ে ইতিমধ্যে প্ৰতিগৰাকী সাহিত্যপ্ৰেমী মননশীল হৃদয়ৰ পাঠকৰ ৰুচিৰ পথাৰ সেউজ কৰিবলৈ সক্ষম হৈছে।  নিজৰ অসমীয়া উপন্যাসত বিষয়বস্তুৰ নিৰ্বাচনতেই নহয় উপস্থাপন শৈলীতো বিশেষ গুৰুত্ব প্ৰদান কৰি…

ড° লক্ষ্মীনন্দন বৰা : সশ্ৰদ্ধ স্মৰণ

ড° অৰবিন্দ ৰাজখোৱা ৰামধেনু যুগৰ যিকেইগৰাকী সাহিত্যিকে সাহিত্য জগতত একবিংশ শতিকা পৰ্যন্ত নিজৰ স্থিতি সবল কৰি ৰাখিলে তেওঁলোকৰ ভিতৰত ড° লক্ষ্মীনন্দন বৰা অন্যতম৷ মৃত্যুৰ সময়লৈকে গল্প আৰু উপন্যাসৰ জগতত সৃষ্টিশীল হৈ থকাই নহয়, তেওঁ ‘গৰীয়সী’-ৰ দৰে ঐতিহ্যপূৰ্ণ সাহিত্য আলোচনীও সম্পাদনা কৰি গ’ল৷…