sdblogs2011

sdblogs2011

জিঞাৰ লগত টিটিৰ আলাপ

নৱনীতা ভট্টাচাৰ্য্য কিছু দিনৰ পৰা টিটি ঘৰতে সোমাই আছে৷ বাহিৰলৈ যোৱাটো দূৰৰে কথা এই আপদীয়া ৰ’দৰ উৎপাতত সি চকু মেলি বাহিৰলৈকে চাব পৰা নাই৷ এই দিনকেইটা সি কেনেকৈ কটাইছে সিহে বুজিছে৷ ঘূৰি-ফুৰি ভাল পোৱা টিটিৰ বাবে ই কিমান কষ্টকৰ কোনেনো…

জিন্-জিননিৰ পদ্য

চন্দন গোস্বামী চিনে নেমোৰ শৰীৰটোৱেমোক ফুচকাৰ টেঙাপানীত ওপঙেঅকণ আকাশউহোৱা আলুপ্ৰাচীন সাঁথৰৰ মই বুলি কৈমোৰ বুলি কৈদেহটোবণিকৰমই মোৰ শৰীৰটোৱেগেলা আপেলৰ মাজতখুঁচৰি খুঁচৰি সাগৰৰ ঢৌত ঢৌ তুলি তুলিকিমান জোৱাৰ-ভাটা পালতৰা কিমান জাহাজৰ অহা-যোৱাকিমান নাৱিকৰ স্বপ্নাতুৰ নিশাৰ অলেখ অযুততৰাৰ চাকিভেক্সিন মাটিত গঢ়িলোঁ মাটিৰে মনপানীত লিখিলোঁ পানীৰে নামছাইৰে আঁকিলোঁ মই মোক মাটিত তুমি…

জীৱন দ্বিঘাত সমীকৰণ

চুনা কুমাৰ পাঠৰী   কেতিয়াবা সহজ বুলি ভবা সৰলৰেখা এডালো খেলিমেলি সপোনৰ বাট ইমান সৰলৰৈখিক নহয়    কোনো ভালপোৱাতে পূৰ্ণতা নাই জীৱনৰ জটিল ভগ্নাংশৰ সঠিক সমাধানো নাই    ভালপোৱানো কি ! সম্পৰ্কবোৰ ক্ষুদ্ৰতৰ ভগ্নাংশৰ একোটা নিঃকিন অংশহে মাথোঁ, সকলো শূন্য আৰু দশমিকৰ…

জীৱন-বন্দনা

জুবিলী গগৈ   নজনাকৈয়ে আহিলোঁ বহুদূৰ   নজনাকৈয়ে বুলিলোঁ বাট একা-বেঁকা পথেৰে দুচকুত আন্ধাৰ লৈ   পিঠিত বোজা বান্ধি কৰি থাকিলোঁ অপেক্ষা সেউজীয়া পোহৰ বিয়পি যোৱালৈ   ভিৰৰ মাজতো কৰি থাকিলোঁ অবিৰত জীৱন-পাঠ   ছানি পৰা চকুত ধূলি মাৰি গুচি…

জুৰি বৰা বৰগোহাঞিৰ উপন্যাস ‘সিহঁত’ :: এজন পাঠকৰ দৃষ্টিৰে এক চমু অৱলোকন

 প্ৰাঞ্জল প্ৰতিম বৰা জুৰি বৰা বৰগোহাঞি অসমীয়া উপন্যাস সাহিত্যত এক প্ৰতিষ্ঠিত নাম। এগৰাকী ঔপন্যাসিক হিচাপে বৰগোহাঞিয়ে ইতিমধ্যে প্ৰতিগৰাকী সাহিত্যপ্ৰেমী মননশীল হৃদয়ৰ পাঠকৰ ৰুচিৰ পথাৰ সেউজ কৰিবলৈ সক্ষম হৈছে।  নিজৰ অসমীয়া উপন্যাসত বিষয়বস্তুৰ নিৰ্বাচনতেই নহয় উপস্থাপন শৈলীতো বিশেষ গুৰুত্ব প্ৰদান কৰি…

জুৱেলাৰি ডিজাইনিং (Jewellery Designing)

 ড° বুলজিৎ বুঢ়াগোহাঁই জুৱেলাৰি ডিজাইনিং (Jewellery Designing) পঢ়ি ছাত্র-ছাত্রীসকলে এটা সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰে । এজন সফল জুৱেলাৰি ডিজাইনাৰ হ’বলৈ হ’লে প্ৰাৰ্থীগৰাকীৰ কিছুমান গুণ থকা দৰকাৰ, যেনে – সৃষ্টিশীল মন, সুকুমাৰ কলাৰ প্রতি আসক্তি, আৰ্টৰ সুন্দৰ দক্ষতা, সংবেদনশীল চিন্তন, বৈজ্ঞানিক…

জোতা

 নীলোৎপল বৰুৱা  বেদ বৰাই বুটজোতা ল’লে। শ্বপিং মলটোৰ আটাইতকৈ দামী শ্ব’ ৰুমটোৰ পৰা তেওঁ জোতাযোৰ কিনিলে। প্ৰান্তীয় প্ৰদেশত হোৱা ধাৰাসাৰ যুদ্ধ জিকি উভতি অহা বিজয়ী চামুৰাই এজনৰ মুখ ভংগিমাৰে তেওঁ ঘৰলৈ আহিল!! দামী জোতা। কিচকিচিয়া ক’লা চামৰাৰ বুটজোৰৰ ওপৰত কে’বাটাও ষ্টিলৰ…

জোনধনে জোনালীতে তৰাৱতীক চায়

দীপামণি শইকীয়া শান্তি নিকেতনৰ কলা একাডেমি‍ৰ পৰা অসমলৈ ঘূৰি অহাৰ প্ৰায় পাঁচ বছৰ মানেই হৈছিল পৱন দুৱৰাৰ৷ দেশ-বিদেশৰ বিভিন্ন স্থানৰ পৰা কামৰ বাবে কত নিমন্ত্ৰণ আহিছিল, কিন্তু তেওঁক  যেন সেই লোভনীয় প্ৰস্তাৱবোৰে  স্পৰ্শই  কৰিব পৰা নাছিল৷ তেওঁ কেনভাছত ছবি আঁকিছিল,…

জোৱাৰ

 প্ৰতীক্ষা প্ৰিয়ম   বঙ্গোপসাগৰত জোৱাৰ। মোৰ সন্মুখত উত্তাল তৰংগ। ঢৌবোৰে বেগেৰে কাষ চাপি আহি কংক্ৰীটৰ বেৰা ভাঙো ভাঙো কৰে। পাৰত বহি থকা মানুহবোৰক তিয়াই থৈ বেগেৰে আঁতৰি যায়। পুনৰ আহে একে গতিৰে। পাৰৰ পৃথিৱীখনক গোটে গোটে গিলি পেলাব যেন। সাগৰৰ…

জ্যোতিষসন্মত আৰু বিজ্ঞানসন্মত

 অভিজিত শৰ্মা বৰুৱা  কোনো লোকৰ জন্মৰ সময়ত গ্ৰহ-নক্ষত্ৰৰ অৱস্থান কি আছিল, সেই অৱস্থানৰ বাবে জাতকৰ জীৱনত কি কি ঘটিব, জন্মপত্ৰিকা প্ৰস্তুত কৰি সেয়া আগতেই কৈ দিয়াটো নিতান্তই এক চমকপ্ৰদ কাম আৰু এনেবোৰ কাম কৰাৰ বাবেই জ্যোতিষে সাধাৰণ মানুহৰ মাজত জনপ্ৰিয়তা…