ধনগুলৈ
ৰাজশ্ৰী ধনদিয়া চাপৰ ভেঁটিটোৰে সৈতে ঘৰটোৰ পিছফালে গাতে লাগি আছে বাঁহনিডৰা, গেজেপ মাৰি ধৰা, তাৰ পিছতেই পথাৰখন। দিন–দুপৰত পথাৰখনত তীক্ষ্ণ মাতটোৰে উৰি ফুৰা বালিঘোঁৰা চৰাইটো ৰাতি–বিয়লিও সাৰে থাকে হ’বলা। জাৰণিডৰাত খিৰিক্কৈ শব্দ হ’লেই চৰাইটোৱে মাত দিয়ে; আনকি বাঁহপাত এটা বতাহত লৰিলেও। বালিঘোঁৰা…