sdblogs2011

sdblogs2011

ধনগুলৈ

 ৰাজশ্ৰী ধনদিয়া চাপৰ ভেঁটিটোৰে সৈতে ঘৰটোৰ পি‍ছফালে গাতে লাগি আছে বাঁহনিডৰা, গেজেপ মাৰি ধৰা, তাৰ পি‍ছতেই পথাৰখন। দিন–দুপৰত পথাৰখনত তীক্ষ্ণ মাতটোৰে উৰি ফুৰা বালিঘোঁৰা চৰাইটো ৰাতি–বিয়লিও সাৰে থাকে হ’বলা। জাৰণিডৰাত খিৰিক্‌কৈ‍ শব্দ হ’লেই চৰাইটোৱে মাত দিয়ে; আনকি বাঁহপাত এটা বতাহত লৰিলেও।  বালিঘোঁৰা…

ধোনীৰ বাবে এটা কবিতা

ধীমান বৰ্মন (end of dhoni era or no end of dhoni era!!) যদিওবা গুঁজৰি আছেবাঘ বুঢ়া হৈছে সময়ৰ এই নিৰ্ঘাত বেজীৰ পৰাবাঘৰ ৰক্ষা নাই বুলি সি নিজেও জানে তথাপি প্ৰাণটাকি দৌৰিছেনখ মাৰিছে বতাহত বনৰ ৰজা হৈমনোবল পৰিবলৈ নিদিয়াকৈ নিজ সৈন্যৰবুঢ়া বাঘে যুঁজিছে হাৰিলেও ঘাঁহ খাবলৈ অপাৰগবাঘটোৰ…

ধৰ্ম , বিশ্বাস আৰু মানৱ সত্তা

কৰৱী বৰ্মন কলিতা ধৰ্ম হৈছে এক অলৌকিক বা অতিপ্ৰাকৃতিক সত্তাত বিশ্বাস, যি বিশ্বাসে মানুহৰ জীৱনৰ অনুভূতি আৰু ক্ৰিয়াক নিয়ন্ত্ৰণ কৰে। পৰম্পৰাগতভাৱে ভাৰতীয় ধৰ্ম শব্দটো সংস্কৃত শব্দ৷ এই শব্দটো সংস্কৃত ধাতু ‘ধৃ’-ৰ পৰা আহিছে বুলি পণ্ডিতসকলে কয়৷ ‘ধৃ’ মানে ধাৰণ কৰা৷…

নব্বৈৰ দশকৰ অসমীয়া চিনেমা হলধৰ : এটি মূল্যায়ন

 প্ৰণৱ মেধী ১৯৭৬ চনত পদুম বৰুৱাৰ গঙা চিলনীৰ পাখি আৰু ১৯৭৭ত ড০ ভবেন্দ্ৰ নাথ শ‌ইকীয়াৰ সন্ধ্যাৰাগে অসমীয়া চিনেমাৰ বাস্তৱবাদী ধাৰাৰ সূচনা কৰে। জাহ্নু বৰুৱাৰ চিনেমাই পৰৱৰ্তী সময়ছোৱাত বাস্তৱবাদী বিষয়বস্তুৰে অসমীয়া চিনেমাৰ গৌৰৱ অম্লান কৰি ৰাখে। প্ৰতিজন সাৰ্থক পৰিচালকৰে শৈলী সুকীয়া, একক,…

নাঃ বগা ৰং নালাগে

 মনালিছা শৰ্মা   ৰংহীনতাই বগা বগাত তুলি দিব পাৰি সমস্ত ৰং   এপাহ তেজৰ গোলাপ সূৰুযমুখী ফুলৰ নৃত্যৰতা পৃথিৱী অথবা পৰ্বতৰ ভংগীল সেউজীয়া সকলো ৰঙেই জীৱনৰ   ৰংবোৰে লগত লৈ ফুৰে গাঁৱৰ নিৰ্জনতা আৰু নগৰৰ কোলাহল ৰংবোৰ অৰণ্যৰ বসন্ত বাঁহনিৰ…

নিজগৰী

নীলিমা ঠাকুৰীয়া হক  কেঁচীৰে কেঁচ কেঁচকৈ কলাফুললৈ কাটি দিলেতাৰ উঁৱলি যোৱা জিনছৰ তলছোৱাকেঁচ কেঁচ শব্দটোৱে আৰু বহু কিবাকিবি কাটিলেএঙেৰুৱা ছালৰ তলত ঘাম হৈ বৈ থকা কথাবোৰ তাৰ আকাশখনো বিবৰ্ণ জিন্‌ছতলত বানৰ বালিয়ে পোতা গাঁওখনৰ কবৰস্থানখেৰৰ চালত সপোনৰ তৰাফুল গুজি দিব নোৱাৰেজীৱনৰ এছোৱা…

নিফুট পৰাণ

গীতিমণি গোস্বামী (বৰঠাকুৰ) টানকৈ বন্ধা বক্ষবন্ধনীডালে তাক অসুবিধাত পেলাইছে৷ দুঘণ্টা সময় তাৰ লগত লাগি থকা মেক্‌ আপৰ মানুহজনো আন ভাৱৰীয়াক সজোৱাত ব্যস্ত৷ পিঙৰ পৰা এৰাই যোৱা চাদৰৰ আঁচলটো সযতনে এক ভঙ্গিমাৰে দাঙি লৈ সি ছোঁ-ঘৰৰ ভগা আইনাখনত নিজক চালে৷ বৈ পৰা দীঘল ভ্ৰূ, নীলা…

নিলিখা কবিতাৰ কথা

কুমুদ ঘোষ সকলো কবিৰে একোটা নিলিখা কবিতা থাকেলিখোঁ লিখোঁ বুলি ভাবিওকোনো কবিয়েই লিখিব নোৱাৰে সেই নিলিখা কবিতাটো। নিলিখা কবিতাটোক সাক্ষী কৰিকবিতাৰ সমদল আগ বাঢ়ে,নিলিখা কবিতাটোক বুকুত সাবটি প্ৰতিজন কবিয়ে প্ৰতি ৰাতি চকু দুটা মুদে। একেটা কবিতাকে লিখি থাকেঅথচ নিলিখা কবিতাটো লিখিব নোৱাৰে।…

নিৰ্বাসিত

জ্যোতিনীলিমা গগৈ জাৰণিৰ আন্ধাৰত হেৰুৱাই পেলাইছোঁনিৰ্বাসিত চৰাইটোফুলনিৰ পৰা নিৰ্বাসিত পখিলাবোৰৰোপাখি জৰজৰ উপকূল এৰি যোৱা নিৰ্বাসিত এখন জাহাজততুলি দিয়া হৈছে আমাৰ দগ্ধ বসন্তদূৰণিত ৰৈ চাই আছোঁবৰষুণত ছিগি পৰা সোণাৰুৰ পাহিৰেসজাই তোলা হৰিৎ পথ সন্ধ্যা তৰাজাকৰো আছে নিৰ্মেঘ ভাবনাজিলিকি উঠাৰ পৰতহৃদয়ৰ গৰাখহনীয়াত আক্ৰান্ত মানুহেলিখি আছে…

নিৰ্মাণ

লক্ষ্যজিৎ বৰা কবিতাৰ নিৰ্মাণ পানীকথা৷ লুটিয়াই দিওঁ৷ শিশুৰ বাবে থিঅ’ৰিৰ গুৰিবোৰ চিকুণাই দিওঁ৷আত্মপঠন জৰুৰী বাবে কেঁচা তামোলৰ ভৰুণ থোকলৈ চাই বহি থাকোঁ৷ শিপাই যোৱা কথাই নৈৰ দৰে পিহি থাকে৷গতিশক্তিৰ বাবে কমি গৈ থাকে স্থিতিশক্তি৷ ফৰ্ম ইম্‌পৰ্টেণ্ট। যুদ্ধৰ বাবে৷ চমঝোতাৰ বাবে৷ মানুহ হোৱাৰ বাবে৷গছ স্বাধীন৷ নিৰৱে মৰি থাকিব পাৰে৷…