sdblogs2011

sdblogs2011

খোজবোৰ

 অব্যক্ত নিৰ্বাণ ৰাজখোৱা         এয়া কি! লাহে লাহে মোৰ এনে ভাব হৈছে যেন মই মৃতপ্ৰায় হৈ পৰিছোঁ৷ কিন্তু মোৰ দুখ লগা নাই কিয়? মই আকৌ সেই সেউজীয়া পথাৰবোৰত বহিবলৈ নাপাম, বৰফৰ পুতলা সাজিবলৈ নাপাম, নৈত বৰশী বাবলৈ নাপাম? অৱশ্যে…

গগন চন্দ্ৰ অধিকাৰীৰ শিশু-সাহিত্য (বিশেষ লেখা)

ড° অসীম চুতীয়া এটি শিশুৱে এখন বিচিত্ৰ জগতত বাস কৰে৷ তাত  কল্পনাৰ পখী এটাই অনৱৰতে ডেউকা মেলি অনন্ত আকাশত উৰি ফুৰে৷ সেয়েহে শিশুৰ মনোজগতক বুজি পোৱাটো প্ৰতিজন বয়োজ্যেষ্ঠ ব্যক্তিৰ বাবে প্ৰত্যাহ্বানমূলক কাম হিচাপে বিবেচিত হৈ আহিছে৷ প্ৰতিজন ব্যক্তিয়েই শিশুকাল এটা উদ্‌যাপন কৰিহে…

গছ

 গীতুমণি তালুকদাৰ   মই প্ৰাতঃকালতে দেখিছিলোঁ বতাহৰ ডাল আৰু পোহৰৰ ফুলেৰে ভৰুণ এজোপা গছ; য’ত প্ৰতিপাহ ফুলেই আপোনপেটীয়া আৰু চকুচৰহাৰ মনৰ পৰা খান্দি উলিয়ায় অন্ধকাৰ, প্ৰতিটো ডালেই নিৰ্মল সুৱাসেৰে ভৰাই তোলে চৌদিশ৷   দুপৰৰ বেলিটো মূৰত লৈ গৰম হয় জুৰ…

গাহৰিত সংক্ৰমিত হোৱা মহামাৰি: আফ্ৰিকান ছোৱাইন ফিভাৰ

ডাঃ ঘনকান্ত দলে আজি ছমাহতকৈ অধিক কাল অসমৰ পোহনীয়া গাহৰিবোৰ মহামাৰি  হৈ বৃহৎ সংখ্যাত মৃত্যুমুখত পৰিছে। দেখা যায়, গাহৰিৰ এই ৰোগ মানৱ সমাজত বৰ্তমান আতংক সৃষ্টি কৰি থকা ক’ৰনা অতিমাৰি‍ৰ সময়ৰ পৰাই আৰম্ভ হৈছিল। উল্লেখযোগ্য যে, এই বেমাৰৰ সাদৃশ্য হ’ল…

গৃহবন্দী

জয়ন্ত দত্ত সদায় সদায় নিজতকৈও ক’লা দিন একোটা ফুকাই ফুকাই আপোন-ঘাতী হ’বলৈ বিচৰা ৰাতি এটাৰ সতে একেলগে দেদাউৰিয়াইছিলোঁ হঠাৎ শেষ হৈ থাকিল বাট অতলত ছিটিকি পৰিল সৰুসুৰা আটাইকেইটা জীউ..   মই গণিবলৈ ধৰিলোঁ মোৰ গৃহবন্দিত্বৰ দিন ঘনেপতি মাপিছোঁ উশাহত সুগন্ধ…

গোলাপৰ দিনৰ দুটা কবিতা

ৰঙা গোলাপ ক’লা গোলাপ হৰেকৃষ্ণ ডেকা ৰঙা গোলাপ “Love thou the rose, yet leave it on its stem.’’ Edward G. Bulwer-Lytton. যেন হাবিত অনাই-বনাই ফুৰিছিলোঁ ৷কি বিচাৰিছিলোঁ নাজানিছিলোঁ ৷তেতিয়াই আকাশত জিলিকি উঠিল ৰামধেনু ৷কলোঁ, বৰষুণে লৈ আহক এই সাতো ৰং৷দেখাই নাছিলোঁ পাতৰ…

ঘোঁৰা

অলকা মহন্ত বৰুৱা  পিঠিত ডাৱৰৰ বোজা লৈ ঘোঁৰাবোৰ আহে শ্বেতকায় সময়ক বান্ধি থৈ নাচে…দুফালে গৰ্জনহীন কাগজৰ বাঘসুযোগসন্ধানী কেতিয়াবা ঘোঁৰাও হয় হিংস্ৰবেলি নপৰা দিনবোৰ গৰকি গুচি‍ যায় কদমত  ঘোঁৰা ডাৱৰে পোহ নামানে সময়ৰ পিঠিত উঠি শূন্যত আঁকি যায় জীৱন নক্সা লেকাম টনা ঘোঁৰা জুৱাত হাৰে মামৰ লগা ঘোঁৰা জীৱনত জিকে  আচল ঘোঁৰাক লেকাম…

ঘোং কথা

প্ৰদীপ শইকীয়া (ড° সুৰেশ চক্ৰৱৰ্তীৰ হাতত) মগজুৰ খোৰোঙত চোং লোৱা অহৰ্নিশে গোঁজৰা প্ৰাণীটো সৰীসৃপ নে  অসংখ্যপদী জনাৰ উপায় নাছিল উপাৰ্জিত শোণিতবিন্দুৰ বহমান ধাৰাত তাৰ জিভামোৰ বয়সৰ সমান দীঘল মুহুৰ্মুহুঃ উকলিয়ায়জুই পোৰণি কাঁইট ভয় অস্থিৰতা কটা-ঘা চেঙা তেল তাৰ এই লীলাবিলাস স্বাভিমান অনায়াস প্ৰবৃত্তিকবাধা দিয়াৰ যুঁজখনত প্ৰায়ে পৰাজিতঅভিশপ্ত…

চন্দ্ৰ শইকীয়া প্ৰবন্ধ (ডিচেম্বৰ)

‘জেংৰাই-১৯৬৩’ : এটি পঠন অভিজ্ঞতা চন্দ্ৰ শইকীয়া (corrected) সাহিত্য অকাডেমিৰ বঁটাপ্রাপ্ত অজিৎ বৰুৱা(১৯২৬-২০১৫)একেধাৰে কবি,গীতিকাৰ,ঔপন্যাসিক, সমালোচক, অনুবাদক আৰু ৰম্যৰচনাকাৰ। ‘জেংৰাই-১৯৬৩’ নামৰ  বিখ্যাত কবিতাটিৰ জন্মদাতা হোৱাৰ পৰাই এই কবিজন ‘জেংৰাইৰ কবি’ হিচাপে প্ৰখ্যাত হৈ পৰে। উজনি মাজুলীৰ জেংৰাইমুখ অঞ্চলতে তিব্বতৰ পৰা ওলাই আহি…

চলাপথাৰ যাম, খাইলং খাম

 লুইতজ্যোতি ১৯৭২ চনৰ বন্যপ্ৰাণী সংৰক্ষণ আইনৰ জৰিয়তে ভাৰত ৰাষ্ট্ৰই বনজ প্ৰাণী তথা উদ্ভিদ সম্পদৰ সংৰক্ষণৰ বিশেষ ব্যৱস্থা কৰিছে৷ পৰৱৰ্তীকালত একাধিক সংশোধনৰ সহায়ত এই আইনখনক অধিক শক্তিশালী কৰাৰ প্ৰয়াস বহুকেইখন চৰকাৰে কৰিছে৷ এই আইনৰ আধাৰতেই ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য আৰু চিৰিয়াখানাসমূহ পৰিচালিত হয়৷ যিকোনো এটা…