sdblogs2011

sdblogs2011

বতৰবিজ্ঞান (Meteorology)

ড° বুলজিৎ বুঢ়াগোহাঁই   বায়ুমণ্ডলৰ বিভিন্ন দিশৰ বিষয়ে অধ্যয়ন কৰা বিজ্ঞানৰ শাখাটি হ’ল – বতৰবিজ্ঞান (Meteorology)। ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু জীৱ বিজ্ঞান বিষয়সহ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত ছাত্র-ছাত্রীসকলে ‘বতৰবিজ্ঞান’ৰ স্নাতক পাঠ্যক্রমত নামভৰ্তি কৰিব পাৰে। ইয়াৰ উপৰি ‘বতৰবিজ্ঞান’ত স্নাতকোত্তৰ, পি. এইচ. ডি. আদি…

বনাঞ্চলসমূহক কোনে সংৰক্ষণ কৰিব?

ড° বিপুল কুমাৰ ৰাভা জীৱজগতলৈ বনাঞ্চলৰ অৱদান অপৰিসীম। বনৰীয়া জীৱ-জন্তুৰ উপৰিও প্ৰতিজন মানুহেই প্ৰত্যক্ষ বা পৰোক্ষভাবে বনাঞ্চলৰ ওপৰত নিৰ্ভৰ কৰে। বনাঞ্চলেহে পৃথিৱীখনক জীৱৰ বাবে অনুকুল কৰি ৰাখিছে বুলি ক’লেও বঢ়াই কোৱা নহয়। চিন্তা কৰিবলগীয়া কথাটো হ’ল-বিভিন্ন কাৰণত মানুহে দ্ৰুত হাৰত…

বসন্ত

দেৱমল্লিকা দেওঘৰীয়া     হাজাৰ বছৰ ধৰি শুকাই আছিল নদী  এদিন পাহাৰে সুধিলে ভালপোৱা কি?  পখিলাৰ টোপনি ভাঙি নৈয়ে ক’লে জীৱন,  এপুখুৰী বেঙে এৰাতি গালে ৰাতিৰ বাগিচাত কেতেকীৰ সাধু, এৰাবাৰী উপচি টেঙেচি ফুলিলে  তজবজী তগৰে মিচিকিয়াই বিয়পালে গা, উটি উটি নৈয়ে…

বসন্তৰ কল্লোলত তোমাৰ আগমন

বিজয় শঙ্কৰ শৰ্মা   দলংখন সদায় পাৰ হওঁ মই   অকোৱা-পকোৱা এটি দীঘল বাট আৰু চুটি পদূলি   তুমি কাষত থাকাঁ প্ৰতিটো পলতেই বাজি থাকে মাথো জীৱনৰ গান ভাহি আহে ডুখৰীয়া জীৱনৰ ক’লাজ ।   জীৱনত আহি আাহি আমি লগ…

বহুৱা

লুইতজ্যোতি যি হাঁহিব নাজানে সি হেনো চয়তান ৷ বুকুত বিয়পা প্ৰাত্যহিকতাৰ বিষবোৰক ভ্ৰমেৰে আৱৰি মই জন্ম দিওঁ মোৰ হাঁহিক। মই হাঁহিব জানো ৷   বেদনাৰ নিমখীয়া পানীত প্ৰতি উজাগৰী নিশা মই মিলাওঁ ৰঙা আবিৰ ৷ আৰু দুয়ো ওঁঠত ঘঁহি লৈ যন্ত্ৰণাৰ…

বহেমিয়ান পদ্য

চন্দন গোস্বামী শগুণে‍ এৰি যোৱা হাড় চেলেকিবলৈ গাঁও এৰি অহা কুকুৰজাকলৈ মন দি থাকোঁতেই মুখামুখিকৈ স্থিৰ এখন ছবিৰ দৰে নিজৰ   ছবিখন জীৱনৰ  য‘ত আমি কিছু সময়ৰ আগতে লগ পোৱাৰ কথাটো আৰু এতিয়া লগ পোৱা তুমি তুমি নহয় মই মই…

বাইচাইকেল

সুদৰ্শনা বৰদলৈ   পুৰণি সুহুৰি এটা ৰৈ ৰৈ বাজে আদিম সপোন এটা চকামকাকৈ সাৰ পায়…   ৰৈ ৰৈ টিলিঙা বাজে বাৰশ টকীয়া জলপানিৰে চাকৰিৰ অহা-যোৱা বাটত   চাইকেল বৰপিতাইৰ আভিজাত্যৰ চিন ওফন্দি উঠা বুকু   এদিন চাইকেলৰ কেৰিয়াৰত উঠি গুচি…

বাঘ আৰু লোককথা

 পঙ্কজ প্ৰতিম বৰদলৈ   ভাৰতীয় লোককথাত বাঘে বিশিষ্ট  স্থান দখল কৰি আছে, বাঘ একেধাৰে ভয়, সম্ভ্ৰম, শ্ৰদ্ধা, ক্ষমতা তথা অনন্ত ৰহস‍্যৰো প্ৰতীক৷ বাঘৰ উপস্থিতি ভাৰতীয় পৌৰাণিক কাহিনী, ধৰ্ম আৰু স্থানীয় পৰিসৰৰ জ্ঞান আৰু পৰম্পৰাতো প্ৰসাৰিত হৈ আছে৷ ভাৰত উপমহাদেশত বাঘ…

বাপুজীৰ মূৰ

হেমচন্দ্ৰ কছাৰী বাপুজীৰ চিৰনমস্য মূৰটোতকৈ তেওঁৰ মূৰৰ চাপবোৰৰ প্ৰয়োজনযে বহুগুণেই বেছি সেই কথা সকলোৱে জানে   সঁচাকৈ, নম্বৰ সংপৃক্ত বাপুজীৰ মূৰবিহীন পল এটাৰ কথাচোন ভাবি‍বই নোৱাৰি বগাই হওক বা ক’লাই হওক জেপত বাপুজীৰ মূৰ থাকিলে চৰাই হৈ উৰিব পাৰি ভুকুৱাই পকাব…

বাষষ্ঠি

অনুভৱ তুলসী   বাষষ্ঠিৰ মন গ’লেই পেবলো পিকাচ’ৰ ছবিৰ একাধিক মুখ আৰু চকুৰ গতিৰ স’তে চাব্বিছৰ বলুকা ওলায়গৈ৷ তাৰপৰা চাকি জ্বলোৱা সন্ধিয়াৰ সিপাৰলে চাই পঠিয়ায়৷ তাতচোন সেয়া আকাশ আৰু সাগৰৰ মাজত লাহতী লাইটহাউছ নিৰ্মাণৰ যো-জা চলিছে৷ আমখৰিৰ কেঁচা ধোঁৱাই উদিত ৰাতিৰ বৰণ…