ছন্দৰীতি
মূল : মহাদেৱ সাহা (বাংলা) অসমীয়া অনুবাদ : কুমুদ ঘোষ তোমালোকৰ কথাই কথাই ইমান ব্যাকৰণ উঠোঁতে-বহোঁতে তোমালোকৰ ইমান অভিধান, কিন্তু চঞ্চল নিজৰাৰ কোনো ব্যাকৰণ নাই আকাশৰ নাই কোনো অভিধান, নাই সমুদ্ৰৰ। ভালপোৱাই নামানে কেতিয়াও ব্যাকৰণ হৃদয়তকৈ ডাঙৰ কোনো সংবিধান নাই হৃদয়ে যিখিনি পাৰে…