sdblogs2011

sdblogs2011

উলাহেৰে উভতি চাওঁ: ১৫

 ড° পোনা মহন্ত ‘কাৰেংঘৰ’ সাজিছিলোঁ… কবি বিনন্দচন্দ্ৰ বৰুৱাৰ ‘গড়গাঁও গড়গাঁও, কথা শুনি তল যাওঁ’ কবিতাটো পঢ়াৰ অনেক বছৰৰ আগতেই মোৰ গড়গাঁৱলৈ যোৱা আৰু আহোম স্বৰ্গদেউসকলৰ কাৰেংঘৰত উঠাৰ সৌভাগ্য হৈছিল৷ সৰুতে নাজিৰা নগৰৰপৰা পাঁচমাইলমান দূৰত থকা মামাহঁতৰ ঘৰলৈ খোজকাঢ়ি বাট চমুৱাই…

উৰুকাৰ দিনা

হৰেকৃষ্ণ ডেকা পথাৰত গঞাই ভেলাঘৰ সাজিছে ৷ সকলোৱে উৰুকাৰ এসাজ লগে-ভাগে খাব ৷ পুৱা মেজিৰ তাপত ভিজা নৰানিৰ চেঁচাৰ লগতে মনৰ চেঁচাবোৰ উৰুৱাই দিব ৷ দিহিঙে-দিপাঙে যিসকলে আছা, সকলো আহা। গঞাৰ লগত তোমালোকেও এসাজ লগে-ভাগে খোৱা। উকমুক বিচাৰি নেযায় গঞাই…

একত্ৰিকৰণৰ পাছত স্কুলবোৰৰ কি হ’ব?

 সত্যজিৎ গগৈ    অসমৰ শিক্ষা ব্যৱস্থা পুতৌ লগা ৷ ৰাজনৈতিক লাভালাভৰ বাবেই চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলকো হিতাধিকাৰীলৈ পৰিৱৰ্তিত কৰিলে৷ কেৱল কৰ সংগ্ৰহৰ বাবেই কাঠফুলাৰ দৰে যেনিয়ে-তেনিয়ে ব্যক্তিগত খণ্ডৰ স্কুল খুলিবলৈ অনুমতি দিয়া হৈছে ৷ চৰকাৰৰ সকলো কৰ্মচাৰী, নেতা-পালিনেতাই নিজৰ নিজৰ সন্তানক চৰকাৰী স্কুলত নপঢ়ুৱাই…

এজন মৰা মানুহৰ লগত কথা পাতি আছিলোঁ (কবিতা)

নীলাভ সৌৰভ হাইস্কুলতে ফুলিছিল জী উঠাৰ মাধৈমালতিতেওঁৰ সৈতে কথা পাতি পাতি মৰি আহিছিলোঁ দিনক দিনে তেওঁ জীয়াই থাকিব লাগিছিলবহুবাৰ বজাৰত তেওঁক ভাল বস্তু কিনা দেখিছোঁ মৰাৰ পৰা দূৰলৈ উৰ্ত্তীৰ্ণ হোৱা এখন চহৰৰ মানুহ আছিল তেওঁ আচৰিত নালাগেনেতাৰ পাছত কেইবাবাৰো কথা কৈ কৈ মৰা…

এজামচন্ (Assumption)

 সুশান্ত বৰা   ডালিনীয় ধাৰণাৰে মই গৈ ওলালোঁ ছেপ্টেম্বৰ আগষ্টৰ শেহ ৰাতিটো ভীষণ উষ্ম হোৱাৰ বিপৰীতে মেঘাচ্ছন্ন কোমল পুৱাৰ  ছেপ্টেম্বৰ, বৰষুণ হ’ব পাৰে মোৰ পিঠিত ঘামচি পকিছে৷ খিৰিকীৰ আইনাত এজনী শালিকীয়ে নিজৰ স’তেই চেকচেকাইছে, মই তাইক আঙুলিৰে চোওঁতে বৰষুণৰ ৰাতিৰ…

এন্ধাৰ-পোহৰ

জ্যোতিস্মিতা শৰ্মা পাহাৰবোৰৰ প্ৰেমত পৰিছিলোঁ হয়তো। প্ৰতিদিনে আবেলি দেউতাই নতুনকৈ লোৱা বাজাজ ছুপাৰ স্কুটাৰখনত উঠি পাহাৰ কাটি সজা ৰঙা মাটিৰ ৰাস্তাৰে চাহবাগিচাৰ ফালে নগ’লে মনটো ভালেই নলগা হ’ল। পাহাৰৰ ভাঁজে ভাঁজে আমি উঠি গৈ থাকোঁ চাহগছবোৰ নেদেখালৈকে। ঝুম খেতিৰ সংজ্ঞাই কিতাপৰ পাতৰ পৰা ওলাই…

এপোৱা চাউলৰ সাধু

ৰশ্মিৰেখা ভূঞা “এপোৱা চাউলৰ ভাত খাবি। বুইছ । তেতিয়াহে মোৰ দৰে হ’বি । মই সদায় এপোৱা এপোৱা চাউলৰ ভাত খাওঁ ।”      এপোৱা চাউলৰ ভাত খোৱা মানুহজনলৈ থৰ হৈ চাই ৰৈছিলোঁ। তেওঁৰ শীৰ্ণ শৰীৰটো চাই নিজলৈও আগ্ৰহেৰে চাইছিলোঁ। মনতে অংক কৰিছিলোঁ।…

এবেলা শৰৎ

 অনিন্দিতা কলিতা   আজি কেইদিনমানৰ পৰা ৰ’দ বৰ চোকা হৈছে চৌ চৌকৈ ঘাম নিগৰে শেৱালিজোপাৰ তলখন চিকুণাওতে   জটিল অংকবোৰৰ উত্তৰ শূন্য কোনোবাই হয়তো আমাক দেখি ভাবে   শেৱালিৰ সুবাস আমাৰ কোন    অসুখী হৈ ওচৰত থকাতকৈ সুখী হৈ দূৰে…

এৰাল

 আকাশ দীপ্ত ঠাকুৰ   কথাবোৰত লেকাম লগাব পাৰিলে ভাল টানি দিলেই কথাবোৰ হৈ পৰিব পাৰে মুখ বাগৰা একো একোটা গান   কথাবোৰত এৰাল দিবলৈ টান জাৰণিত চৰি ফুৰে মুকলিমূৰীয়াকৈ গা-ভাৰী হয় কথাবোৰ   বুজিবই নোৱাৰোঁ–জাৰণি নে জৰণি   সময়ে এৰাল…

এৰী শিল্পৰ উৎপাদন ক্ষেত্ৰৰ বিভিন্ন দিশ

 ড° মৃদুল চন্দ্ৰ শৰ্মা অসম তথা উত্তৰ পূব্বাৰ্ঞ্চলে সমগ্র পৃথিৱীৰ ৰেচম মানচিত্রত এক সুকীয়া তথা অনন্য স্থান লাভ কৰি আহিছে। ব্যৱসায়িকৰূপত পালন কৰা চাৰিওবিধ ৰেচম – এৰী, মুগা, পাট আৰু তচৰ এই অঞ্চলত পোৱা যায়। ৰেচম পলুবিলাকক সাধাৰণতে দুই ভাগত ভগোৱা হৈছে – পাট ৰেচম আৰু…