বিষাদ বেঙুনীয়া
স্বপ্না নিহাৰ বহুদিন আগতেই আধালিখাকৈ পেলাই থৈ দিয়া গল্প এটাকে অকণমান আগবঢ়াই থওঁ বুলি বিছনাত পেট পেলাই শুই কলমটো কামুৰি ৰৈ আছিলোঁ। তেনেতে চেঁচা বতাহ এজাক কোঠাটোৰ একমাত্ৰ খিৰিকীখনেৰে সোমাই আহিল। মন-প্ৰাণ জুৰ পেলোৱা বতাহজাকে ৰাধাকৃষ্ণ এপাৰ্টমেণ্টৰ তৃতীয় মহলাত থকা…