sdblogs2011

sdblogs2011

মহাকাশ বিজ্ঞানী বৰ্ণালী দাসৰ সৈতে কথোপকথন

(যোৱা বছৰত এগৰাকী অসমীয়া যুৱতীয়ে মহাকাশ সম্পৰ্কীয় গৱেষণাত লাভ কৰিছে ঈৰ্ষণীয় সাফল্য। কেইবাটাও বিৰল শ্ৰেণীৰ ৰেডিঅ’ তাৰকা বা মেইন-ছি‍কুৱেঞ্চ ৰেডিঅ’ পাল্‌ছ এমিটাৰ বা এম আৰ পি  আৱিষ্কাৰ কৰি মহাকাশ গৱেষণাৰ জগতত বৰ্তি থকা দশকজোৰা ধাৰণা সলনি কৰি নাছাৰ গৱেষণাগাৰত বিশ্বব্ৰহ্মাণ্ডৰ…

মহৌষধ স্বৰূপ

 অমৃত গোস্বামী   হালধীয়া ট্ৰেক্টৰেৰে হাবি-জঙ্ঘল ভাঙি, অসমৰ মাজেৰে খনিজ তেল পৰিবাহী ঐতিহাসিক পাইপ লাইনডাল বহুৱাৰ কাম শেষ কৰাৰ পাছৰ কথা এইবোৰ৷  দাৱনীবোৰে পথাৰৰ ধান দাই শেষ কৰাৰ পাছত,  আমাৰো বছেৰেকীয়া পৰীক্ষা শেষ হোৱাৰ লগে-লগে, মেজিঘৰ সাজিবৰ বাবে ধানৰ‌ নৰাবোৰ…

মাজত তৃষাৰ নৈ…

 পাপৰি গোস্বামী   আকাশখনে ঢুকি পোৱালৈকে কেৱল নীলা আৰু নীলা…। দূৰৈৰ শান্ত যেন লগা নীলাভাগ ক্ৰমাৎ ওচৰলৈ অহাৰ লগে লগে চঞ্চল হৈ পৰে। যেন বোকোচাত উঠাৰ প্ৰতিযোগিতাহে ইটো সিটো ঢৌৰ…। কাষৰৰ শিলবোৰত  ঠেকা খাই পুনৰাই উচাৎ মাৰি নিজ নিজ প্ৰান্তলৈ…

মাটি

অত্ৰেয়ী গোস্বামী বায়ু আৰু পানীৰ দৰে এক নিখুঁত সত্য— মাটি৷ সকলোৰে আদি স্থিতি সকলোৰে ইতিবৃত্তি সংগোপনে শুই থাকে মাটিত৷  কোনেও নাজানে মাটিৰ ভৰ সকলোতে কেৱল মাটিৰ দামদৰ৷  উস্‌–আস্‌ নকৰা   ইমানবোৰ বোজা মাটিৰ পিঠিত!  জীৱ-জড় অথবা মাত-অমাত, পাপ-পুণ্য আনকি  অপাপ–অন্যায়ৰ এক অলিখিত  ইতিহাস সামৰি থোৱা আছে মাটিৰ বুকুত৷  আদম-ইভৰ পূৰ্বজ কাহিনী মহৰ্ষিৰ অভিষন্ধি, যদুবংশৰ বিনাশ গান্ধাৰীৰ অভিশাপ৷ গন্ধমাদন পৰ্বত, বিষল্যকৰণি হনুমানৰ ঈশ্বৰভক্তি, সকলোৰে সাক্ষী সেই…

মাত-কথা

দিগন্ত কুমাৰ বড়া কাউৰীয়ে ৰমলিয়ায় কা কা কৰি। ফেঁচাবোৰে কুৰুলিয়ায় গছৰ ডালত বহি।। মৌ-মাখিৰ গুণ্ গুণ্, পাৰই দিয়ে ৰুণ। সাপৰ ফোঁচফোঁচনি আঁতৰৰ পৰাই শুন। শিয়ালে হোৱা দিছে বাঁহনিৰ আঁৰত। কুকুৰটোৱে ভুকি আছে পদূলি মুখত।। ম’হটোৱে টেঁটাইছে পথাৰৰ মাজত৷ ছাগলীয়ে বেবাইছে পেটৰ…

মাদাৰ টেৰেছা, মানৱতাই আছিল যাৰ ধৰ্ম

 ড° পুলক সভাপণ্ডিত   মানৱতাৰ প্ৰসংগ অহাৰ লগে লগে যি গৰাকী মহানায়িকাৰ নাম মনলৈ আহে তেৱেঁই হ’ল মাদাৰ টেৰেছা৷ ১৯১০ চনৰ ২৬ আগষ্টত অধুনালুপ্ত যুগোশ্লাভিয়াৰ স্ক’পজেত (বৰ্তমান নৰ্থ মেচিড’নিয়াৰ ৰাজধানী চহৰ) এইগৰাকী মহীয়সী নাৰীয়ে জন্মগ্রহণ কৰে, যাৰ প্ৰকৃত নাম আছিল এগ্‌নেছ…

মানুহে যি মন যায় তাকেই কৈছে

উৰ্মি জুলী শইকীয়া যন্ত্ৰণাই যে আজি গান গায় মোৰ ভিতৰত এই শৰীৰটো মোৰ বুলি কোনে জানিছে…   কোনে আনে মোক খালী কৰি  ফাগুনৰ দুৱাৰডলিলৈ বতাহে মোক যেনেকৈ পাৰে তেনেকৈ  খুঁচিছে…   ভ্ৰাম্যভাষ : ৭৫৭৭৮২২৯২৯ পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT

মানৱ পুথিভঁৰাল

দেৱজিৎ ভৰালী আমাৰ অসমত মানৱ পুথিভঁৰালৰ ধাৰণাই এতিয়াও গা কৰি উঠা নাই৷ কিন্তু সম্ভাৱনাৰ অভাৱ নাই৷ অলপ মন কৰিলেই এই অনুষ্ঠানক কাৰ্যক্ষেত্ৰত পৰিণত কৰিব পাৰি৷ ‘মানৱ পুথিভঁৰাল’-ৰ ধাৰণা প্ৰকৃততে প্ৰত্যেকখন সমাজৰে প্ৰয়োজন আছে৷ নৱ-প্ৰজন্মই ইয়াৰ পৰা শিকিবলগীয়া, জানিবলগীয়া বহুতো আছে। যিকোনো…

মালৈ

হৰেকৃষ্ণ ডেকা   ১. যাম বুলিছিলি৷ এদিন গলিগৈয়ে৷ কোনোবাই কৈছিল, উভতি নাচাবি, এই সোঁত উভতি নবয়৷ সোঁৱৰণি হ’ব তিতা৷ সেই যে জুহালৰ কাষত পিঠা ভাজিছিলি কাষত বহিছিলোঁ কৰিছিলোঁ আব্‌দাৰ৷ ক’তা, ভাবি‍লে দেখোন এতিয়াও মনটো হয় মিঠা!    (২)  তই গোটেইখিনি চকুপানী…

মাৰ্ক্সীয় সাহিত্যবীক্ষা

ড° তপোধীৰ ভট্টাচাৰ্য অসমীয়া অনুবাদ : কুমুদ ঘোষ (সমকালীন বাঙালি প্ৰাবন্ধিকসকলৰ ভিতৰত অন্যতম ড° তপোধীৰ ভট্টাচাৰ্য৷  দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য বিভাগৰ ৰবীন্দ্ৰ অধ্যাপক হিচাপে এসময়ত সেৱা আগবঢ়োৱা ড° ভট্টাচাৰ্যই পৰৱৰ্তী সময়ত অসম বিশ্ববিদ্যালয়, শিলচৰৰ উপাচাৰ্য হিচাপে অৱসৰ…